অসম

মাখিবাহাৰ শ্বহীদ প্ৰফুল্ল ডেকাৰ মাতৃ পদ্মাপ্ৰিয়া ডেকাৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ টিহু মহকুমাৰ মাখিবাহা গাঁও নিৱাসী শ্বহীদ মাতৃ পদ্মাপ্ৰিয়া ডেকাৰ শুকুৰবাৰে পুৱতি নিশা দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৮৭ বছৰ । অসম আন্দোলনৰ ভৰপক সময়তে ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত সৰ্থেবাৰীৰ ওচৰৰ পাৰাহকুছিত অবৈধ নিৰ্বাচন বন্ধ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা মাখিবাহাৰ শ্বহীদ প্ৰফুল্ল ডেকাৰ মাতৃ আছিল পদ্মাপ্ৰিয়া ডেকা ।

নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় পদ্মাপ্ৰিয়া ডেকাৰ । এই খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ আৰু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়াই শ্বহীদ মাতৃ পদ্মাপ্ৰিয়া ডেকাৰ মাখিবাহাৰ কামাৰপাৰা চুবুৰিৰ নিজ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শ্ৰদ্ধা নিৱেদন কৰে ।

মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মা, মাখিবাহা গ্ৰামোন্নয়ন সমিতি, মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা, মাখিবাহা ব্যৱসায়ী সন্থা, মাখিবাহা ক্ৰীড়া সংঘৰ বিষয় ববীয়া, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, টিহু মহকুমা সাংবাদিক সন্থা, মাখিবাহা শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ বিষয়ববীয়াই মৃতকৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায় ।

তেএঁৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকায়ো গভীৰ শোক প্ৰকাশ কৰিছে । শ্বহীদ মাতৃ গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছা পৰিছে । মৃত্যুৰ সময়ত তেওঁ ২ জন পুত্ৰ, ৩ গৰাকী বোৱাৰী ,কেইবাজনো নাতি-নাতিনী সহ অজশ্ৰজনক ইহ সংসাৰত এৰি থৈ যায় ।