মাজুলী

অসমৰ জনজীৱনত কোচ-ৰাজবংশীৰ যথেষ্ট অৰিহণা আছেঃ জয়ন্ত মল্লবৰুৱা

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ অসমৰ জনজীৱনত, ৰাষ্ট্ৰ গঠনত বা অসমখনক একত্ৰিত কৰি ৰখাত কোচ-ৰাজবংশীসকলৰ যথেষ্ট অৰিহণা আছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। মাজুলী জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা মাজুলী জিলা আক্ৰাছুৰ সহযোগত সোমবাৰে অনুষ্ঠিত এখন ৰাজহুৱা সভাত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

বিশাল জনসভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ইতিহাস আমি যি ধৰণে প্ৰতিষ্ঠিত কৰিব লাগিছিল সেই ধৰণে আমি প্ৰতিষ্ঠিত কৰিব পৰা নাই। এই কথাষাৰ আমি প্ৰত্যকজন অসমীয়াই স্বীকাৰ কৰি ল’ব লাগিব। অসমৰ জনজীৱনত, ৰাষ্ট্ৰ গঠনত বা অসমখনক একত্ৰিত কৰি ৰখাত কমতাপুৰীয়া কোচ-ৰাজবংশী ভাইসকলৰ যথেষ্ট অৰিহণা আছে। বিশ্ব মহাবীৰ চিলাৰায় বা ৰজা নৰনাৰায়ণৰ অসমখনক একত্ৰিত কৰি ৰখাৰ যি অৰিহণা আছে এনেকুৱা ৰজা, এনে মহাবীৰ সেনাপতি আন ৰাজবংশীত দেখিবলৈ পোৱা নাযায় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মাজুলী জিলাত সকলোকে সুসংগঠিত কৰি সন্মিলনীৰ আধাৰত জাতিটোক একগোট কৰি উন্নয়নৰ পৰিকল্পনা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে কোচ-ৰাজবংশী সন্মিলনীৰ লগতে আক্ৰাছুক ধন্যবাদ জ্ঞাপন কৰে।সভাত তেওঁ কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত নিবৰ কাৰণে সক্ষম হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে যি সংজ্ঞাবদ্ধভাৱে সুন্দৰ চিন্তা কৰিছে, তাৰ বাবে কোচ-ৰাজবংশী সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰে।

একেদৰে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যোৱা আঢ়ৈটা বছৰে অসমত যি বিকাশৰ মহাযজ্ঞ আৰম্ভ হৈছে সেই বিষয়েও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি মাজুলীৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে এক সৌহাৰ্দ্যমূলক বাৰ্তালাপ কৰে।