অসম

মাজুলীৰ পৰা বগীবিললৈ ব্ৰহ্মপুত্ৰৰ মথাউৰী হ’ব পকীপথ…

asomiyapratidin

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ঢকুৱাখনাক ডিব্ৰুগড় জিলা সদৰেৰে সংযুক্ত কৰাৰ এক বহু আকাংক্ষিত আৰু বহু প্ৰতিক্ষিত  পথ নিৰ্মাণ আঁচনি ৰূপায়ণৰ কাম দ্ৰুতগতিত চলিছে । কেৱল ঢকুৱাখনাকেই নহয় নদীদ্বীপ জিলা মাজুলীকো সংযুক্ত কৰাৰ সু পৰিকল্পনাই অচিৰেই বাস্তৱৰ  মুখ দেখিব এই অভিলাসী পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে।

মাজুলীৰ পৰা ঢকুৱাখনা আৰু  ধেমাজিহৈ বগীবিল দলং পৰ্যন্ত  ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰে পাৰে নগৰাঞ্চল স্পৰ্শ নকৰাকৈ এই  গুৰুত্বপূৰ্ণ আৰু চমু দূৰত্বৰ পথ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবাঢ়িছে । মাজুলীৰ পৰা ঢকুৱাখনা হৈ বগীবিল দলং সংযোগী ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ ওপৰেৰে এই গুৰুত্বপূৰ্ণ পকী পথ নিৰ্মাণ কাৰ্য ৰাজ্যৰ লোকনিৰ্মান বিভাগৰ পৰ্যবেক্ষণত আৰু তদাৰক অব্যাহত আছে ।

আৰ আই ডি এফ আঁচনিৰ ২০২১-২০২২ বর্ষৰ শিতানত আবণ্টিত পুঁজিৰে নিৰ্মীয়মান এই মথাউৰী আৰু পথ ( ৰোড কাম এম্বেকমেণ্ট) আঁচনিখনে  ঢকুৱাখনা অংশত সন্তোষজনক অগ্ৰগতি লাভ কৰিছে । "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ পৰিদর্শন কালত শুক্ৰবাৰে টেকেলিফুটা অংশৰ পৰা লোটাচুৰ পৰ্যন্ত প্ৰায় ১৯'০৫ কিলোমিটাৰ অংশত অবিৰত নিৰ্মাণ চলোৱা পৰিলক্ষিত হল । ব্ৰহ্মপুত্ৰ নদৰ সোঁপাৰৰ  প্ৰায় ১৯'০৫ কিলোমিটাৰ মথাউৰীটো ৭'৫ মিটাৰ বহল কৰি "পূৰ্বাঞ্চল চাপ্লাই এণ্ড কনট্ৰেক্টৰ" নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কামৰ সন্তোষজনক অগ্ৰগতি প্ৰদান কৰিছে ।

লোকনিৰ্মান বিভাগৰ ঢকুৱাখনা ক্ষেত্ৰীয় সংমণ্ডলৰ অধীনত অব্যাহত থকা এই আঁচনি অনুসৰি পূৰ্বৰ জলসম্পদ বিভাগৰ প্ৰায় ৩ মিটাৰ বহল পৃষ্ঠভাগৰ মথাউৰীটো ৭'৫ মিটাৰ পৰ্যন্ত  বহলকৈ মাটিৰে নিৰ্মাণ কৰি পকীকৰণৰ বাবে মুঠ ৪৩ কোটি ৯১ লাখ টকা আৱণ্টন দিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে মাটিৰ অংশৰ কাম সম্পূৰ্ন কৰা এই আঁচনি অনুসৰি ৫'৫ মিটাৰ বহলকৈ পথটো বিতুমিন যুক্ত পকীকৰণ কৰা হ'ব আৰু পথৰ দুয়ো পাৰে  এক মিটাৰ বহলকৈ "চাইড বাম" থাকিব ।

সংগৃহীত তথ্য মতে জলসম্পদ বিভাগৰ পুৰণি মথাউৰীটো মাটিৰে ৭'৫ মিটাৰ বহল কৰাৰ পাছত "গেনোলাৰ চাব বেছ" (জি এছ বি)ৰ কাম দ্ৰুতগতিত চলি আছে। ইপিনে মাজুলীৰ পৰা বগীবিল সংযোগী এই পকী পথ নিৰ্মাণত কিছু ক্ৰুটি থাকি যোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধানকৈ টেকেলিফুটাৰ পৰা লোটাচুৰ সংযোগী এই নিৰ্মীয়মান পথৰ  পৰা পাৰ্শ্বৱৰ্তী গাঁৱলৈ নামি যোৱা ২০ তাৰো অধিক "লিংক ৰোড" আছে । এনেবোৰ লিংক ৰোডেৰে নামি গাঁওলৈ যোৱা এপ্ৰ'চ' অংশৰ পকীকৰণ কৰাৰ কোনো ব্যৱস্থা প্ৰাককলনত নাই । পৰিণতিত এনেবোৰ অংশত  অৱস্থিত গাঁওবাসী অতিৰিক্ত সময় অপচয় আৰু কষ্ট স্বীকাৰ কৰি প্ৰায় ৪-৫ কিলোমিটাৰ দূৰ অতিক্ৰমী যোগাযোগ অব্যাহত ৰাখিব লাগিব ।

সেয়ে গঞাঁ ৰাইজৰ এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ লিংক ৰোডৰ অংশ পকীকৰণ কৰি যাতায়তৰ সুচল কৰাৰ আহ্বান জনাইছে গ্ৰামাঞ্চলৰ ৰাইজে। উল্লেখ্য যে অহা বর্ষৰ মাৰ্চ মাহৰ ভিতৰত মাজুলী ,ঢকুৱাখনা আৰু ধেমাজি লোকনিৰ্মান বিভাগৰ ৰূপায়িত  সমগ্ৰ পথ পকীকৰণ আঁচনিখন সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে সমগ্ৰ অংশত  দ্ৰুতগতিত নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে নিয়োজিত প্ৰতিষ্ঠান সমূহে ।