অসম

মাজুলীৰ চিকিৎসালয়ত নাই সু-ব্যৱস্থা, বিনা চিকিৎসাৰে অধ্যাপক সুশীল পায়েঙৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ উপযুক্ত চিকিৎসাৰ অভাৱত তথা বিধ্বস্ত যাতায়তৰ বাবে উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ শুকুৰবাৰে আকস্মিকভাৱে মৃত্যু হয় মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক সুশীল পায়েঙৰ।

মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰৰ পাথৰিচুক গাওঁ নিবাসী অধ্যাপক সুশীল হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে বাট-পথ বুলিবলৈ একোৱেই নথকা দুৰ্গম যোগাযোগ ব্যৱস্থাৰ মাজেৰে ৰোগীক মূমূৰ্ষ অৱস্থাত ঠেলাত আনিব লগা হ'ল মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ।

অধ্যাপক সুশীল পায়েঙক তাৎক্ষনিকভাৱে উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা নথকা আৰু বিশেষজ্ঞ চিকিৎসকৰ অভাৱত চিকিৎসকে যোৰহাটলৈ প্ৰেৰণ কৰাৰ কিছু সময়ৰ পিছত আদবাটতে অধ্যাপকগৰাকীৰ মৃতু হয়।

মাজুলীৰ ২ লাখ লোকক প্ৰতিনিধিত্ব কৰা গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনত বৰ্তমান চিকিৎসকৰ লগতে পাবলৈ নাই নূন্যতম চিকিৎসা সুবিধাও। চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে মাজুলীবাসীয়ে। যাৰফলত এই অনাকাংক্ষিত ঘটনাটো সংঘঠিত হোৱা বুলি কয় স্থানীয় ৰাইজে।