অসম

মাজুলীত পুনৰ আঘটনঃ লুইতক সেৱা কৰি কমলাবাৰী অভিমুখী ফেৰীৰ পৰা জাপ দিলে এজনে…

asomiyapratidin

ডিজিটে সংবাদ মাজুলীঃ মাজুলীৰ ব্ৰহ্মপুত্ৰত পুনৰ অঘটন । নিমাতিৰ পৰা কমলাবাৰী অভিমুখী ফেৰীৰ পৰা জাঁপ দিলে এজন ব্যক্তিয়ে । ফেৰীৰ পৰা পানীত জাঁপ দিয়া ব্যক্তি গৰাকীৰ কোনো তথ্য নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত ।

উল্লেখ্য যে, নিমাতিঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট অভিমুখে আহি আছিল ফেৰীখন। ফেৰীৰ পৰা এজন ব্যক্তিয়ে পানীত জাপ দিয়ে। আৰ পি এল ডিগাৰু নামৰ ফেৰীখনৰ পৰা জপিয়াই । ব্যক্তিজনৰ পৰিচয় এতিয়াও ওলোৱা নাই। ৯.৪৫ বজাত নিমাটিৰ পৰা কমলাবাৰী ঘাটলৈ আহিছিল ফেৰীখন।

লুইতৰ বুকুৱেদি ১৫ মিনিট ফেৰীখন অহাৰ পাছতেই লুইতত জাপ দিয়ে ব্যক্তিজনে। পত্যক্ষদৰ্শীৰ মতে লাইফ জেকেট খুলি লুইতক সেৱা কৰি জাপ দিলে ব্যক্তিজনে। গাত এখন এৰিয়া কাপোৰ লৈ আছিল ব্যক্তিজনে। অভ্যন্তৰীন জল পৰিবহন বিভাগৰ হাতত নাই তথ্য।

ফেৰীত উঠাৰ আগতে যাত্ৰীৰ পঞ্জীয়নৰ ব্যৱস্থা থাকিব লাগে যদিও নাই নাম তথ্য। ৫৭ জন যাত্ৰী আছিল ফেৰীখনত। এতিয়াও সন্ধান ওলোৱা নাই লোকজনৰ। মাজুলী জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ এটা দল লোকজনৰ তথ্য বিচাৰি ৰাওনা হৈছে নিমাটি ঘাটলৈ।