অসম

মাজুলীৰ ২ নং কুঁহিয়াৰবাৰী গাঁৱত ৩৩ জন কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী জিলাৰ নিকিনিখোৱা গাঁৱত এপ্ৰিল মাহৰ শেষৰ ফালে কোভিড -১৯ ৰ গ্ৰাসত পৰি গণসংক্ৰমণ হোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই সোমবাৰে জিলাখনৰ লুইত পৰীয়া গাঁও পঞ্চায়তৰ দুই নং কুঁহিয়াৰ বাৰী গাঁৱত গণ সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, গাঁও খনৰ সুনিল নেৱাৰ নামৰ যুৱক জনে আজি স্বাস্হ্য পৰীক্ষা কৰাত ক'ভিড ভাইৰাছত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হয় ।

সুনীল নেৱাৰ দক্ষিণ পাটত এজন ঠিকাদাৰৰ ভাতৰান্ধনি হিচাপে কৰ্মৰত আছিল। তেওঁ ৯ মে'ত ঘৰলৈ আহে আৰু আজি স্বাস্থ্য পৰীক্ষা কৰে । সুনীল নেৱাৰ কোভিড পজিটিভ হোৱাত গাঁও খনত হুৱা দুৱা লাগে । দুইনং কুঁহিয়াৰবাৰী গাঁৱৰ গাওৰক্ষী বাহিনীৰ সম্পাদক জয়প্ৰকাশ ভূঞাৰ বিশেষ তৎপৰতাত গাঁও খনৰ ৫৫ টা পৰিয়ালৰ ১২৩জনৰ কোভিড পৰীক্ষাৰ অন্তত ৩৩ গৰাকী কোভিড সংক্ৰমিত হোৱাটো চিনিক্ত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, দুই নং কুঁহিয়াৰবাৰী গাঁৱত ১ আৰু ২ মেত দুটা পৰিয়ালৰ বিয়া উৎসৱ উপলক্ষে ডিব্ৰুগড় আৰু গঢ়পুৰৰ পৰা কন্যা আনিবলৈ গৈছিল । বিয়াৰ পৰা ঘুৰি আহি কোনো লোকে কোভিড পৰীক্ষা
কৰা নাছিল । বিগত ৮-১০ দিনে দুইনং কুঁহিয়াৰ বাৰী গাৱঁৰ লোক সকলে অঞ্চলটোত মুকলিকৈ ঘুৰা পকা কৰি থকালৈ চাই আৰু বহু লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

ইতিমধ্যে জিলা স্বাস্হ্য বিভাগে দুইনং কুঁহিয়াৰ বাৰী গাঁওখন অৱৰুদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে ।অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যি সময়ত মাজুলী প্ৰশাসনে ক'ভিড ভাইৰাছ সংকমন প্ৰতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়ত একাংশ লোকে নিয়ম নীতি ভংগ কৰি সৰ্বনাস মাতি আনিছে । বিশেষকৈ বেংক আদিত কোনো ধৰণৰ কভিড প্ৰট'কল মানি চলা নাই। এই ক্ষেত্ৰত মাজুুলী সচেতন মহলে জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ।