অসম

কোনে পাব মাজুলিত টিকট, কোন হ’ব বিধায়ক…

asomiyapratidin

ডিজিটেল ডেস্কঃ আজিও খালী হৈ আছে এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলী বিধানসভা সমষ্টি। শেহতীয়াকৈ ৫টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পলমকৈ পদত্যাগ পত্ৰ দাখিল কৰাত এই সমষ্টিত উপ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব পৰা নগ'ল।

মাজুলী বিধানসভা সমষ্টিক লৈ বিজেপিৰ ভিতৰচৰাত চলিছে বহু সমীকৰণ। আপাত দৃষ্টিত এই সমষ্টিটোৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰিব লগা প্ৰাৰ্থীক লৈ সৃষ্টি হোৱা মতানক্যৰ বাবেই এতিয়ালৈকে সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হোৱা নাই। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি যিহেতু ৬ মাহৰ ভিতৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, সেয়েহে অতি কম দিনৰ ভিতৰতে সমষ্টিটোত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন।

সৰ্বানন্দ সোণোৱালে তেওঁ এসময়ত প্ৰতিনিধিত্ব কৰা সমষ্টিৰ পৰা তেওঁৰে এজন অনুগামী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে জোৰ দিছে। কিন্তু সোণোৱালে এই সমষ্টিটোৰ পৰা যাক প্ৰাৰ্থিত্ব দিব বিচাৰিছে তেওঁক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূমি দখলকে ধৰি বহু অভিযোগত অভিযুক্ত আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন ঠিকা-ঠুকলিৰে চৰ্চাত থকা ভুৱন গামক সোণোৱালে সমৰ্থন দিলেও হিমন্ত বিশ্ব শৰ্মাৰ পচন্দৰ প্ৰাৰ্থী, কিন্তু ৰাজীৱ লোচন পেগুহে।

আনহাতে, এই সমষ্টিটোৰ পৰা সাংসদ প্ৰদান বৰুৱাক শেষ মুহূৰ্তত বিধায়ক কৰি নিয়াৰো পৰিকল্পনাও কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ বিষয়টোক লৈ চলিছে এতিয়া বহু সমীকৰণ। কিয়নো এনে চৰ্চাও হৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিলে তেওঁক প্ৰদান বৰুৱাৰ স্থানত সংসদলৈ প্ৰেৰণ কৰি মাজুলিৰ পৰা বিধানসভালৈ প্ৰদান বৰুৱাকো শেষ মুহূৰ্তত নিৰ্বাচিত কৰিব পাৰে বিজেপিয়ে।