অসম

মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ…

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ ওখলচুকৰ অংশৰ ব্ৰহ্মপুত্ৰ নদীত বুধবাৰে সংঘটিত হয় নাঁও দুৰ্ঘটনা । এই নাঁও দুৰ্ঘটনাত এজন সন্ধানহীন হোৱাৰ লগতে দুজনৰ কথমপি প্ৰাণৰক্ষা । নামনি মাজুলী কুলি গাঁৱৰ যুৱক ক্ৰমে অনুপল দলে আৰু ভুপেন কুলি নামৰ যুৱক দুজনৰ সৈতে ভেকেলী চাপৰিৰ বিকাশ দলে নামৰ যুৱকজন পাগলা চাপৰিৰ পৰা হাত নাৱেৰে ওখলচুকলৈ আহি আছিল ।

কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগতে হঠাৎ আৰম্ভ হোৱা প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা ঢৌত হাত নাওখন দুৰ্ঘটনাত পতিত হয়। অনুপল দলে আৰু ভূপেন কুলিয়ে সাঁতুৰি কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও বিকাশ দলে নামৰ এজন ব্যক্তি সন্ধানহীন হৈ পৰে ব্ৰহ্মপুত্ৰ নৈত ।

সন্ধানহীন ভেকেলী চাপৰিৰ বিকাশ দলে নামৰ যুৱকজনক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই । সন্ধানী হোৱা যুৱকজনৰ সন্ধানত ইতিমধ্যে এছ ডি আৰ এফৰ ডুবাৰুয়ে অভিযান চলাইছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।