অসম

উখল-মাখল নদীদ্বীপ মাজুলী! ঐতিহ্যমণ্ডিত ভাওনা সমাৰোহৰ সম্পূৰ্ণ প্ৰস্তুতি… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী আউনীআটী সত্ৰৰ উদ্যোগত অহা ১৯ জানুৱাৰী, ২০২০ৰ পৰা মণিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ।সমাৰোহৰ উপলক্ষে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

দুই হাজাৰ নামলগোৱাই নাম পৰিবেশনৰে শুভাৰম্ভ হ'ব লগা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৮খন ভাওনা পৰিবেশন কৰা হ'ব।এই সমাৰোহৰ লগত সংগতি ৰাখি মাজুলীৰ প্ৰধান উৎসৱ ৰাস মহোৎসৱ, কাতি বিহুৰ আকাশ বন্তি উৎসৱৰ প্ৰতীক প্ৰদৰ্শন, মহিলা-শিশুৰ ভাওনাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।