অসম

মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ,মাজুলী : পূৱ মাজুলী বনগাঁও ত আজি পুৱা ৯ বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। ক্ষন্তেকৰ ভিতৰতে জুইৰ লেনিহান শিখাই সমগ্ৰ ব্যৱসায়িক অঞ্চলটো সামৰি লয়। দীনকান্ত শইকীয়া মালিকানাধীন লক্ষীনাথ ভৱনত অগ্নিত জাহ যায়।

ইয়াৰ পাছত ক্ৰমাৎ পুলক বৰাৰ লজ, সেৱ হাজৰিকা গেৰেজ, চুৰামনি শইকীয়াৰ ইলেকট্ৰনিকছৰ দোকান, হিমাংশু বৰাৰ পলী মেডিকেল আৰু প্ৰদীপ হাজৰিকাৰ গুদাম জুইৰ সূত্ৰপাত হৈ ৫ লক্ষ্যাধিক টকাৰ সমগ্ৰী ভস্মীভূত হোৱাৰ লগতে এটা আৱাসিক ঘৰ জুইত জাহ যায়।

শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নি কাণ্ড সংঘটিত হোৱাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩০ লক্ষ্যাধিক টকাৰ সা সম্প্ৰতি জুইত জাহ যায়।৩০ লক্ষ্যাধিক সামগ্রী জুইত জাহ গলত কান্দোনত ভাগি পৰিছে । অগ্নিকাণ্ড সংঘটিত হোৱা আধাঘন্টাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় যদিও সম্পূৰ্ণ ৰূপে অগ্নিত জাহ যায় দোকান আৰু ভৱনটো। পৰৱৰ্তী সময়ত জুই নিয়ন্ত্ৰণ লৈ আনিবলৈ সক্ষম হয়।