অসম

মাজবাটত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু জাতীয় পতাকা দাহেৰে প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ শনিবাৰে পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল মাজবাট। জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ৪৪ গৰাকী শ্বহীদ বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাজবাটত বজৰং দলে শনিবাৰে প্ৰতিবাদী সমদল উলিয়াই পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদী মুৰ্দাবাদ, শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকাৰ লগতে পাকিস্তানৰ পতাকা দাহ কৰে। সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাৰ্যকলাপক তীব্ৰ ভাষাৰে নিন্দা কৰে সংগঠনটোৱে। ভাৰতীয় প্ৰতিজন বীৰ জোৱানৰ প্ৰতি টোপাল তেজৰ মূল্য লাগিব বুলি মন্তব্য কৰে সংগঠনটোৱে। এই প্ৰতিবাদী সমদলত অংশগ্ৰহন কৰে মাজবাটৰ কেইবাটাও দল-সংগঠনে।