অসম

নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰিছে অসম-অৰুণাচল সংযোগী পথ…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটত পকি পথ মেৰামতিৰ নামত অনিয়ম। পথ মেৰামতিৰ পাছতেই ৰাইজে কাৰপেটৰ দৰে হাতেৰে চপৰা চপৰে এৰোৱালে পকী পথ। অসম-অৰুণাচলপ্ৰদেশ সংযোগী অতি গুৰুত্বপূৰ্ণ এই পথটো । অসম-অৰুণাচল সংযোগী এই পথটো পুনৰ মেৰামতি কৰিছিল সীমা পথ নিৰ্মাণ সংস্থাই। কিন্তু সীমা পথ নিৰ্মাণ সংস্থাই দিনৰ পৰিবৰ্তে শুকুৰবাৰে নিশাহে মেৰামতি কৰিছিল মাজবাট চহৰৰ মাজমজিয়াৰ পথচোৱা।

পুৱাৰ ভাগত ৰাইজে প্ৰত্যক্ষ কৰে মেৰামতি কৰা পথচোৱা ওফন্দি থাকে আৰু তাকে দেখি ৰাইজে চাবলৈ লোৱাত পোহৰ লৈ আহে অতি নিম্নমানেৰে মেৰামতি কৰাৰ কথা। লগে লগে ৰাইজে সীমা পথ নিৰ্মাণ সংস্থাৰ এই কাৰ্যত ক্ষোভিত হৈ ৰাইজে পথটোৰ অংশ হাতেৰে চপৰা চপৰে এৰোৱাই পেলাই।

অতি নিম্নমানৰ হোৱা বাবেই ৰাইজে পথচোৱা এৰোৱাৰ পাছতে তাৎক্ষনাত তৎপৰ হৈ সীমা পথ নিৰ্মাণ সংস্থাই পুণৰ মেৰামতি কৰিলেহি পথচোৱাত । উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ পথটোৱে দি প্ৰতিদিনে চলাচল কৰে সেনাবাহিনীৰ হাজাৰ হাজাৰ বাহন । সীমা পথ নিৰ্মাণ সংস্থাই দিনৰ পৰিবৰ্তে নিশাহে পথচোৱা মেৰামতি কৰাৰ লগতে প্ৰাককলন মতে কাম নকৰা আৰু কোনো ধৰণৰ মেটেৰিয়েল ব্যৱহাৰ নকৰাকৈ মেৰামতি কৰাৰ গুৰুত্বৰ অভিযোগ মাজবাটৰ ৰাইজৰ ।