অসম

মাজবাটত ডঃ প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণকাৰীৰ ফাচী দিয়াৰ দাবীত মৌন প্ৰতিবাদী সমদল…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাং: যোৱা ২৯ নবেম্বৰত হায়দৰাবাদৰ-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত নিজা স্কুটীৰে ঘৰলৈ উভতা সময়ত ডঃ প্ৰিয়ংকা ৰেড্ডীক কেইজনমান নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে জ্বলাই দিয়াৰ প্ৰতিবাদত মঙলবাৰে সন্ধিয়া মাজবাটৰ স্বেচ্ছাসেৱী সংগঠন চিষ্টাৰ নিবেদিতাৰ উদ্যোগত আৰু মাজবাটৰ বিভিন্ন জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত মাজবাট নগৰৰ মাজমজিয়াৰে এক প্ৰতিবাদী মৌন সমদল বাহিৰ।

মৌন সমদলটি মাজবাট আঞ্চলিক মহিলা সমিতিৰ কাৰ্যালয়ৰ পৰা প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণকাৰীক ফাচী দিয়ক, আমাক সুৰক্ষা লাগে, আমাকো সন্মানেৰে জীয়াই থাকিবলৈ দিয়ক আদি প্লে-কাৰ্ড হাতে হাতে লৈ মাজবাট নিউ মাৰ্কেট হৈ পুনৰ উভতি আহি নগৰৰ মাজমজিয়াত থকা গয়াৰী কমপ্লেক্সৰ সম্মুখত সমবেত হৈ ড° প্ৰিয়ংকা ৰেড্ডীৰ প্ৰতিচ্ছবীত মম জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু চাৰিও গৰাকী ধৰ্ষণকাৰী তথা হত্যাকাৰীক ফাচী দিবলৈ দাবী জনায়।