অসম

গুৱাকুছিৰ মাইনুমণিৰ মুখত হাঁহি বিচাৰি সুহৃদয়বানৰ সহায়ৰ আহ্বান পৰিয়ালৰ

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ গুৱাকুছি গাঁৱৰ এগৰাকী প্ৰতিভাবান ছাত্ৰী এক জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়াল তথা আত্মীয় স্বজনৰ মুৰত সৰগ ভাগি পৰাৰ লেখিয়া হৈছে।  ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুৱাকুছি গাঁৱৰ চোহৰাব আলী আৰু মনোৱাৰা বেগমৰ কনিষ্ঠ কন্যা মাইনুমনি চুলতানা (২০) এগৰাকী প্ৰতিভাবান ছাত্ৰী।

বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁ উন্নত ফলাফল দেখুৱাই পৰিয়ালটিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। কিন্তু সৰুৰে পৰা অতি অমায়িক আৰু সহজ সৰল ছোৱালীজনীৰ জীৱনলৈ হঠাতে নামি আহিল কাল ধুমুহা। কিছুদিনৰ পৰা তেওঁৰ মুৰৰ বিষ অনুভব হোৱাত পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত চিকিৎসকে মাইনুমণিৰ মুৰত এক জটিল ৰোগ (দুটাকৈ ব্ৰেইন টিউমাৰ) হোৱা বুলি ধৰা পেলায় আৰু লগে লগে উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমচলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে শেহতীয়াভাবে ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হোৱা ছোৱালীজনীক চিকিৎসাৰ বাবে কেইবা লাখ টকাৰ প্ৰয়োজন যদিও পৰিয়ালটিৰ হাতত নাই পৰ্যপ্ত ধন। উপায়ন্তৰ হৈ নিজৰ সন্তানক পুনৰ উভতাই বিচাৰি সুসহৃদয়বান লোকৰ সহায় বিচাৰিছে। ৰাইজৰ সহায়ৰ বাবে পৰিয়ালটিয়ে এচ বি আই শাখা, নলবাৰীক একাউন্ট নং- ১১০০৪৭৯৯৮৬৮, আই এফ এচ চি-SBIN ০০০১১০৩ আৰু ৭০৮৬২৮১৬৩৪ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।