অসম

মাহমৰা বিধানসভা সমষ্টিত বৃদ্ধি এজেপিৰ সাংগঠনিক তৎপৰতা…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউ : সদৌ অসম ছাত্ৰ সন্হা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত নবগঠিত অসম জাতীয় পৰিষদে চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধানসভাৰ সমষ্টিতো দলৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে ৷

সোমবাৰে নবগঠিত দলটোৰ নিমনাগড় গাঁও পঞ্চায়ত এলেকাৰ আঞ্চলিক সমিতিখন গঠন কৰা উদ্দেশ্য মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে ৰবি ওৰাঙৰ সভাপতিত্ব অনুষ্ঠিত সভাত জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহ্বায়ক বিশ্বজিৎ টিপমীয়া,জিলা সমন্বয়ক টংকেশ্বৰ কোঁৱৰ, জিলা আহ্বায়ক ক্ৰমে ভূপেন ফুকন,ৰঞ্জিত দত্ত ,জীৱন বড়া আৰু হবিবুৰ ৰহমানে বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৷

সভাই তপনজিৎ বুঢ়া গোঁহাইক সভাপতি ৰবি ওৰাং, অতুল বুঢ়াগোহাঁই, তফি বৰগোহাঁই,দীপক গগৈ , পুষ্প গগৈক উপ- সভাপতি দ্ৰোণ খনিকৰক সম্পাদক বিশ্ব গগৈ,বিদ্যুত ৰাজকোঁৱৰ,তৰুণ ৰাজকোঁৱৰ,অৰ্জুন চাওৰা,চবীৰ আহমেদক যুটীয়া সম্পাদক হিচাপে লৈ ৩১ জনীয়াকৈ নিমনাগড় আঞ্চলিক সমিতি খন গঠন কৰা হয় ৷