অসম

বিশিষ্ট সাহিত্যিক-কবি ড০ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদস্যমহীয়ান, প্ৰাচ্যবিদ্যাৰ্ণৱ ড০ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস। তেওঁৰ এই স্মৃতি দিৱসত ৰাজ্যবাসীয়ে বিশিষ্ট সাহিত্যিক, কবিগৰাকীক স্মৰণ কৰিছে। ইফালে, অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ফেচবুকত লিখিছে- 'বিশিষ্ট কবি, বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগ দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।'

উল্লেখ্য যে, ১৯৯৫চনৰ ১৩ ছেপ্টেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ মহেশ্বৰ নেওগে। এই বিশিষ্ট সাহিত্যিকগৰাকীয়ে ১৯১৫চনৰ ৭ ছেপ্টেম্বৰত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰ প্ৰভা নেওগ।