অসম

২০২১ বৰ্ষৰ ‘মহেশ্বৰ নাথ সোঁৱৰণি যুৱ সাহিত্য বঁটা’ প্ৰদান কৰা হ’ব ফেব্ৰুৱাৰীত…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্য সন্মিলনীয়ে তেজপুৰ অধিৱেশনত মহেশ্বৰ নাথ সোঁৱৰণি যুৱ সাহিত্য বঁটা আগন্তুক ২০২০-২১ বৰ্ষৰ দয়াং অধিবেশনৰ পৰা পুনৰবাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৪০ অনুৰ্ধৰ লেখকৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা এই বঁটা ২০১৫চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল।

সেই বৰ্ষত 'অসম সাহিত্য সভা কাৰ' শীৰ্ষক গ্ৰন্থখনৰ বাবে লেকক মৃদুল কুমাৰ সন্দিকৈয়ে লাভ কৰিছিল। তাৰোপৰি, ভাষা সন্মান আৰু ভাষা সংগঠক বঁটাৰ লগতে ইতিহাস সচেতনতা আৰু উপন্যাস শিতানতো পূৰ্বৰ দৰে বঁটা প্ৰদান কৰিব অসমীয়া সাহিত্য সন্মিলনীয়ে। ২০২১ বৰ্ষৰ ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য সাহিত্য সন্মিলনীৰ দ্বিবাৰ্ষিক অধিবেশনত নতুনকৈ সংযোজন কৰা হৈছে 'ড০ দিলীপ দত্ত সোঁৱৰণি বক্তৃতা'।