অসম

নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সোমবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে টাই আহোম ছাত্র সন্থাই আয়োজন কৰা বিশাল গণ গৰ্জন কাৰ্যসূচীত গণ শিল্পী মহেন্দ্ৰ হাজৰিকাই অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নাৰায়ণপুৰৰ মেৰমুখ খেলপথাৰত টাই আহোম ছাত্র সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক সমিতি আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্য মঞ্চৰ যৌথ উদ্যোগত আয়োজন কৰা বিশাল প্ৰতিবাদী গণ গৰ্জন কাৰ্যসূচীত গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰে জনতাৰ শিল্পী গৰাকীয়ে।

ৰাজিৱ গগৈয়ে আত ধৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈ, এ জে ৱাই চি পিৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, সহকাৰী সম্পাদক সৌৰভ দাস, লখিমপুৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধনমণি দত্ত, যুৱ নেতা অচ্যুৎ শইকীয়া প্ৰমূখ্যে ব্যক্তি সকলে বক্তব্য প্ৰদান কৰি জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে তীব্ৰ পতিবাদ সাব্যস্ত কৰাৰ লগতে ২০২১ ত জাতিদ্ৰোহী বিজেপি চৰকাৰক পুলিয়ে পোখাই উচ্ছেদ কৰাৰ কথা ঘোষণা কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাটৰ পৰা আহি উপস্থিত হোৱা বিৰিণা সাংস্কৃতিক গোষ্ঠীৰ কৰ্মী সকলে প্ৰতিবাদী সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে নাৰায়ণপুৰৰ পাৰ্থপ্ৰতিম বৰাৰ নেতৃত্বত লুইতপৰীয়া অগ্নিসুৰ বাহিনীৰ সদস্য সকলে কা আমি নামানো শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদী ৰাইজক উদ্বুদ্ধ কৰে।

'কা' আমি নামানো, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। কাৰ্যসূচীত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰি জয় আই অসম ধ্বনিৰে মুখৰ কৰি তোলে সমগ্ৰ পৰিবেশ।