অসম

মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ দিনাই হুংকাৰ আক্ৰাছুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাংঃ আজি মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্ম জয়ন্তী ।আজিৰ এই পবিত্ৰ দিনটোতে অসমৰ অন্যতম জনগোষ্ঠী কোঁচ ৰাজবংশীসকলৰ অধিকাৰ, প্ৰাপ্যৰ বাবেই তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ।

দীৰ্ঘদিনৰ পৰা পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছিল যদিও চৰকাৰে বাৰম্বাৰ প্ৰতাৰনাৰ অভিযোগ আক্ৰাছুৰ সভাপতি অতুল বৰ্মনৰ । সমান্তৰালকৈ জনগোষ্ঠীটোৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থ পুৰণৰ লগতে নিৰ্বাচনী টিকেটৰ বাবেহে ৰাজনীতি কৰা বুলি কটাক্ষ কৰে অতুল বৰ্মনে ।

জনগোষ্ঠীটোক জনজাতিকৰনৰ মৰ্যাদা আৰু পৃথক ৰাজ্য গঠন কৰি নিদিলে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে । সমান্তৰালকৈ আলোচনাৰ মেজলৈ অহা KLOৰ সেনাধ্যক্ষ জীৱন সিংহৰ লগত শান্তি আলোচনা কৰি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় নেতা গৰাকীয়ে।

ওদালগুৰি জিলাৰ ৰৌতাৰ ধনশ্ৰীঘাটত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১৩ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰে।‌ৰাতিপুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আনহাতে দুপৰীয়া ২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়।