প্ৰদীপ ভূঞাক মহাবীৰ লাচিত বৰফুকন বঁটা প্ৰদান

প্ৰদীপ ভূঞাক মহাবীৰ লাচিত বৰফুকন বঁটা প্ৰদান

author-image
asomiyapratidin
New Update
প্ৰদীপ ভূঞাক মহাবীৰ লাচিত বৰফুকন বঁটা প্ৰদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ টাই আহোম যুৱ পৰিষদৰ চলিত বৰ্ষৰ মহাবীৰ লাচিত বৰফুকন বঁটা আগবঢ়োৱা হৈছে এন আৰ চি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিশিষ্ট সমাজ সচেতক প্ৰদীপ ভূঞাক। মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আয়োজিত মহাবীৰ লাচিত দিৱসৰ শনিবাৰৰ কাৰ্যসূচীত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

Advertisment

পুৱা বৃক্ষ ৰোপণেৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ অনুষ্ঠান। দুপৰীয়া ১ বজাত আৰম্ভ হোৱা মুকলি সভা আৰু মহাবীৰ লাচিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বহুকেইজন গণ্য মান্য ব্যক্তি। মহাবীৰ লাচিত দিৱস উদযাপন সমিতিৰ সভাপতি কমল জ্যোতি গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঞি, জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন মন্ত্ৰী প্ৰেমধৰ বৰা, এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মা, অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত, এই বৰ্ষৰ বঁটা প্ৰাপক প্ৰদীপ ভূঞাৰ পত্নী বন্তি ভূঞা, সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা ইত্যাদি।

অজিত বৰুৱা তথা সংগীবৃন্দৰ দ্বাৰা পৰিবেশন কৰা আইচিংলাউ অৰ্থাৎ টাই ভাষাৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাখনত টাই আহোম মহিলা পৰিষদৰ একাংশ মহিলাই পৰিৱেশন কৰে সমবেত সংগীত। টাইপাৰ মহাবীৰ লাচিত বৰফুকন বঁটাত প্ৰদীপ ভূঞাক আগবঢ়োৱা হয় চাপকং, লাচিত স্মাৰক, সম্বৰ্ধনা পত্ৰৰ লগতে পাগুৰি। এই বঁটা গ্ৰহণ কৰি টাইপাক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট সমাজ সচেতকজনে। ভাষণ প্ৰসংগত তেওঁ অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম হৈছে যদিও বহুলোকে নিজকে বিদেশী বুলি চিনাক্তকৰণ হোৱাৰ ভয়ত এন আৰ চিত নাম পঞ্জীয়ন কৰা নাই। এখন শুদ্ধ নাগৰিক পঞ্জী উন্নীতকৰণ কাম বহু জটিল বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, বিগত বৰ্ষত এই বঁটা আগবঢ়োৱা হৈছিল সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ। ২০১৬ বৰ্ষত উক্ত বঁটাৰে সন্মানিত কৰা হৈছিল ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইক।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্তই কয় যে প্ৰদীপ ভূঞা তথা তেওঁৰ পৰিয়ালে এতিয়াই নহয় পূৰ্বৰে পৰা অসমৰ বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দি আহিছে। আজিৰ এই সন্মান দিবৰ বাবে টাইপাৰ ওচৰত অন্য কোনো দ্বিতীয়জন ব্যক্তি নাই। পূৰ্বৰে পৰা সদৌ অসম ছাত্ৰ সন্থা তথা অন্যান্য জাতীয় সংগঠনসমূহক ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি উন্নতিৰ ক্ষেত্ৰত সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ দি আহিছে ভূঞাৰ পৰিয়ালে।

অসম চৰকাৰে অনাগত দিনত অসমৰ ইতিহাসৰ প্ৰতি শ্ৰদ্ধা জনাই শিৱসাগৰ বা চৰাইদেউ জিলাক হেৰিটেজ চিটি হিচাবে গঢ়াৰ ক্ষেত্ৰত পদক্ষেপ লব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক অসম গণ পৰিষদে কোনো ক্ষেত্ৰতে মানি নলয় বুলি মন্তব্য কৰি কয় যে বিধেয়কখন গৃহীত হ'লে এন আৰ চি আৰু অসম চুক্তিৰ সীমা নাইকিয়া হৈ পৰিব। ইফালে মুকলি সভাত ভাগ লৈ এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যিদিনাই বিধেয়কখন স্বাক্ষৰ হ'ব সেইদিনাই তেওঁলোকে আইনৰ কাষ চাপিব বুলি মন্তব্য কৰে।

কলাক্ষেত্ৰত টাইপাৰ লগতে লাচিত সংঘ, লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি একাধিক দল-সংগঠনে ৰাজ্যৰ ভিন্ন প্ৰান্তত লাচিত দিৱস পালন কৰে। চৰকাৰীভাৱে কাছাৰী ঘাটত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।