অসম

ভোগপুৰত মাধৱদেৱ অৰ্গেনিক এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ কাৰ্যালয় মুকলি…

asomiyapratidin

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নামনি অঞ্চলৰ ভোগপুৰ চাৰিআলিত সোমবাৰে বে-চৰকাৰী সংস্থা মাধৱদেৱ অৰ্গেনিক এগ্ৰ'প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ এটি কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সংস্থাটোৰ অধ্যক্ষ তগৰ চন্দ্ৰ নেওগে । পথালিপাহাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়মতী ৰাজখোৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানটিত নাৰায়ণপুৰস্থিত উত্তৰ লখিমপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ কৃষি উন্নয়ন বিষয়া অঞ্জন লায়িঙে ফিটা কাটি কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰে।

মাধৱদেৱ অৰ্গেনিক এগ্ৰ' প্ৰডিউচাৰ কোম্পানীৰ শাখা প্ৰৱন্ধক বেদব্ৰত খাৰঘৰীয়াই আঁতধৰা অনুষ্ঠানটিত গ্ৰামসেৱক ভাস্কৰ হাজৰিকা,কবিত দত্ত প্ৰমুখ্যে কেইবাগৰাকীও কৃষি বিভাগৰ বিষয়া উপস্থিত থাকে।অঞ্চলটোৰ যথেষ্ট সংখ্যক কৃষক উপস্থিত থকা কাৰ্যালয় মুকলি অনুষ্ঠানটিত কৃষক সকললৈ চৰকাৰে আগবঢ়োৱা সুবিধা সমূহৰ বিষয়ে কৃষি বিভাগৰ বিষয়া সকলে আলোকপাত কৰে।