বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চৰকাৰৰঃ লুৰিণজ্যোতি গগৈ
বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চৰকাৰৰঃ লুৰিণজ্যোতি গগৈ 
অসম

বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চৰকাৰৰঃ লুৰিণজ্যোতি গগৈ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্ত নেওগে দাখিল কৰে বাজেট। ইয়াৰ পাছতে বাজেট সন্দৰ্ভত ভিন্নজনে ভিন্ন মন্তব্য প্ৰকাশ কৰিছে। অসম জাতীয় পৰিষদৰ সভাৰতি লুৰিণজ্যোতি গগৈয়ে অজন্তা নেওগে দাখিল কৰা বাজেট সন্দৰ্ভত কয়, এইখন বাজেটে জনতাক হতাশ কৰিলে৷

তেওঁ কয়, ঋণত পোত গৈ থকা ৰাজ্যখনত এইখন বাজেটে অৰ্থনৈতিক বৈষম্যতাৰ সৃষ্টি কৰিব৷ মূলধনী শিতানত ব্যয় কমাই নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী সৃষ্টিৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিছে। তাৰেই প্ৰতিফলন ঘটিল আজিৰ বাজেটত৷

ইয়াৰোপৰি তেওঁ কয়, বিধ্বস্ত অৰ্থনীতিত ভৰ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে চৰকাৰে৷ এখন উৎপাদনশীল বাজেটৰ পৰিৱৰ্তে এয়া পুৰণি কথাৰহে চৰ্বিতচৰ্বন৷ ৰাজ্যৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ কোনো সমিধানসূত্ৰ দেখা নগ’ল বাজেটত৷ বৃহৎ উদ্যোগৰ বিনিয়োগৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰি৷ কিন্তু বাজেটত এই বিষয়সমূহৰ বাস্তৱসন্মত কোনো দিশৰ উল্লেখ নাথাকিল৷