অসম

‘কা’ আন্দোলনৰ শ্বহীদ ৰাজেন বৰুৱাৰ গৃহত আছুৰ প্ৰতিনিধিঃ জনতাৰ অসাধ্য সাধন কৰা কোনো লোককে শ্বহীদে ক্ষমা নকৰে- লুৰিণজ্যোতি গগৈ

asomiyapratidin

ডিজিটেল সংবাদ, টীয়কঃ ৰাজ্যত কোৰোনাৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে কা আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ ঘৰত উপস্থিত হ'লহি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ খবৰ লয় ছাত্ৰ নেতাগৰাকীয়ে। শ্বহীদৰ পৰিয়ালক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে চিৰদিন থকাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে ৰাইজৰ সৈতে আছু সদায় আছে আৰু জনতাৰ অসাধ্য সাধন কৰা কোনো লোককে শ্বহীদে ক্ষমা নকৰে বুলি মন্তব্য কৰে।

তেওঁৰ সৈতে সেই সময়ত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন চাংমাই, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক পংকজ প্ৰতীম হাজৰিকা, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, টীয়ক আছুৰ দীপাংকৰ বেজবৰা, ৰূপক সৰকাৰ, বিতোপন পুদ্দাৰ তথা টীয়ক আৰু শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।