অসম

লামডিঙত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃ্ত্যু, ক্ষুব্ধ স্থানীয় ৰাইজ

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ লামডিঙত মঙলবাৰে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি লয় এজন যুৱকে। বিদ্যুতৰ মিটাৰ লগাই থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় চহৰখনৰ আপাৰ বাবুপট্টিৰ অমিত বৈদ্য নামৰ যুৱকজন।

বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই মিটাৰ লগাই থকা অৱস্থাত যুৱকজন এনেদৰে মৃত্যুমুখত পৰে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগটোৰ লামডিং সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা মহেশ্বৰ ৰয়ক জবাবদিহি কৰে।

ক্ষুব্ধ ৰাইজে যুৱকজনৰ মৃতদেহ লৈ বিদ্যুৎ বিভাগৰ স্থানীয় কাৰ্যালয়টো ঘেৰাও কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে ৰাজ্যখনৰ ভিন্ন স্থানত এনেদৰে বহুলোকে মৃত্যুক সাবটি ল'বলগীয়া হৈছে।