অসম

এইবাৰ আন এক মধুবালা, ভাৰতীয় হৈও নাগৰিকত্বৰ পৰীক্ষাত লামডিঙৰ চন্দ্ৰাৰাণী পাল, মাতৃক বিচাৰি উচুপি উঠিছে দুই কণমানিয়ে

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ মধুবালা মণ্ডলৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এগৰাকী ভাৰতীয় মহিলাৰ নাম, যি স্বদেশী হৈও বিদেশীৰ কলংকৰে জীৱন কটাব লগীয়া হৈছে তেজপুৰৰ ডিটেনশ্যন কেম্পত৷ ভাৰতীয় নাগৰিক হৈও বিদেশীৰ পৰিচয়ৰে বন্দীত্বৰ জীৱন কটোৱা এইগৰাকী দুৰ্ভগীয়া মাতৃৰ নাম চন্দাৰাণী পাল৷ তেওঁৰ  মাতৃগৃহ লামডিং মধ্যবজাৰত৷

প্ৰয়াত সুকুমাৰ পাল আৰু কল্পনা পালৰ দুহিতা চন্দাৰাণীক প্ৰায় ১০ বছৰৰ পূৰ্বে বিয়া দিছিল ডবকা চহৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা দুলাল পাললৈ৷ এখন সুখৰ সংসাৰৰ মাজতে তেওঁলোকৰ জীৱনলৈ এটি পুত্ৰ আৰু এটি কন্যা সন্তানো আহিছিল৷ পুত্ৰ দীশানুৰৰ বয়স বৰ্তমান ৯ বছৰ আৰু কন্যা অভিনন্দাৰ বয়স  ৩ বছৰ৷ দুলাল আৰু চন্দাৰাণীৰ সুখৰ বৈৱাহিক জীৱনলৈ হঠাতে কালধুমুহা হৈ নামি আহিল ডি-ভোটাৰৰ জাননী৷ ডি-ভোটাৰৰ জাননীয়ে পলকতে ওলট-পালট কৰি দিলে চন্দাৰাণীৰ জীৱন৷

সময়ত প্ৰয়োজনীয় তথ্যপাতি দাখিল কৰিব নোৱাৰাত চন্দাৰাণী বিগত ১৯ মাহ ধৰি বন্দী হৈ আছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত৷ প্ৰায় ১বছৰীয়া হৈ থাকোতেই মাতৃয়ে বিদেশীৰ কলংকলৈ ডিটেনশ্যন কেম্পত বন্দী হবলগীয়া হোৱাত চন্দাৰাণীৰ তিনি বছৰীয়া কনমানিজনীয়ে মাতৃ কোন সেই কথাকে উপলব্ধি  কৰিব পৰা হোৱা নাই৷ কিছু দিনৰ পূৰ্বে চন্দাৰাণীৰ কাষলৈ পিতৃ দুলাল পালে কনমানি কণ্যা সন্তানক লৈ গৈছিল৷ কিন্তু বিশেষ কাৰণবশতঃ মাতৃক সাক্ষাৎ গ্ৰহনৰ অনুমতি লাভ নকৰিলে।

বিমুখ হৈ কনমানি কণ্যা সন্তানক হাতত ধৰি কাৰাগাৰৰ পৰা ওলাই আহিল এই দুৰ্ভগীয়া পিতৃ গৰাকী৷ উল্লেখ্য যে, নগাঁৱৰ বিদেশী ন্যায়াধীকৰণৰ জাননী অনুসৰি চন্দাৰাণীক গ্ৰেপ্তাৰ কৰাৰ পিচত তেজপুৰস্থিত ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। বিদেশী ন্যায়াধীকৰণত চন্দাৰাণীৰ বিৰুদ্ধে পঞ্জীভুক্ত এফ আই(ডি) ৩৭৪/২০১৫ নম্বৰৰ গোচৰৰ প্ৰত্যাহ্বান জনাই স্বামী আৰু পৰিয়ালৰ লোকে প্ৰথমে হোজাই আৰু তাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন কৰে।

বৰ্তমান এই গোচৰ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ তাৎপৰ্যপূৰ্ণ যে, তেজপুৰ কেন্দ্ৰীয় ডিটেনশ্যন কেম্পত সম্প্ৰতি কাৰাবন্দী হৈ থকা চন্দাৰাণীৰ স্বামীগৃহ আৰু মাতৃগৃহৰ পৰিয়ালৰ সকলো সদস্যই ভাৰতীয় নাগৰিক৷ তেনেস্হলত নিৰ্দিষ্ট সময়ত প্ৰয়োজনীয় তথ্যপাতি দাখিল কৰিব নোৱাৰা কাৰ্যই বিষয়টো অধিক জটিল কৰি তোলে৷

অজ্ঞতাৰ ফলত এতিয়াও ৰাজ্যখনৰ ডিটেনশ্যন কেম্পসমূহত মধুবালা, চন্দাৰাণী আৱদ্ধ হৈ আছে যিয়ে নেকি ভাৰতীয় নাগৰিক হৈও স্বদেশী হোৱাৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷ ইফালে চন্দ্ৰাৰাণীৰ কণমানি সন্তান দুটিয়ে মাতৃক বিচাৰি উচুপি উঠিছে৷ তেওঁলোকৰ কান্দোন দেখি প্ৰত্যক্ষদৰ্শী সকলেও চকুপানী টুকিবলৈ বাধ্য হৈছে৷ সন্তানদ্বয়ে কেতিয়া মাতৃৰ বুকুৰ পৰশ লাভ কৰিব, সেয়া সকলো লোকৰ বাবেই এক সাঁথৰ হৈ পৰিছে৷