অসম

লামডিঙত চুপাৰি ভৰ্ত্তি ট্ৰাক জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিঙঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতো ৰাজ্যত অব্যাহত আছে চুপাৰীৰ ৰমৰমীয়া চিণ্ডিকেট। শিলচৰ পৰা অবৈধ ভাৱে সৰবৰাহ কৰা হয় সন্দেহজনক বাৰ্মিজ চুপাৰি। আজি নিশা লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এখন চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা প্ৰায় ১০০ বস্তা সন্দেহযুক্ত বাৰ্মিজ চুপাৰী আৰু ১৫০ বস্তা তামোল উদ্ধাৰ কৰে ৷

শিলচৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ পথত লামডিঙৰ ঘাইপথত পথত আৰক্ষীয়ে জব্দ কৰে চুপাৰীখিনি৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নাম হৈছে এ এছ ১১ ডি চি ৮৮৮৪। আৰক্ষীয়ে ৬ চকীয়া ট্ৰাকখনৰ গাড়ীৰ চালক আৰু হেণ্ডিমেনকো আটক কৰিছে ।উল্লেখযোগ্য যে, নিশা এন্ধাৰৰ সুযোগ গ্ৰহন কৰি এতিয়াও একাংশ মাফিয়াই চুপাৰীৰ চিণ্ডিকেট চলাই গৈছে ৷ আজিৰ অভিযানটো লামডিঙ আৰক্ষী থানৰ চন কুমাৰ শৰ্মাৰ নেতৃত্বত চলিছিল।