অসম

অটোৰ পৰা পৰি মন্দিৰৰ সমীপত এজন লোকৰ কৰুণ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ঘণ্টা মন্দিৰৰ ওচৰত এখন অ'টৰ পৰা পৰি এজন যাত্ৰীৰ কৰুণ মৃত্যু ঘটে ।

মৃত ব্যক্তি জন লামডিং ইটাভাটিৰ বাসিন্দা দিলবৰ হুচেন বুলি জানিব পৰা গৈছে । লংকাৰ পৰা লামডিং লৈ অ'টখনত আহি থকা অৱস্থাত যাত্ৰীজনে টোপনিয়াই আহিছিল যাৰ ফলত ঘণ্টা মন্দিৰৰ সমীপতত অ'টৰ পৰা সৰকি পৰি এই দুৰ্ঘটনা সংঘটিত হয় ।

ব্যক্তি জনক লামডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দিলবৰ হুচেইনৰ কৰুন মৃত্যুই শোকৰ ছাঁ পেলাই ইটাভাটা অঞ্চলত।