অসম

ৰাজ্যত বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা, লামডিঙত এইবাৰ কামনাৰ বলি ৬বছৰীয়া শিশু

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে বলাৎকাৰৰ দৰে জঘন্য ঘটনাৰ৷ এইবাৰ লামডিঙত পখিলা খেদাৰ বয়সতে যৌন নিৰ্যাতনৰ বলি হ'ল এটি ছবছৰীয়া শিশু৷ মানৱ সমাজক লজ্জিত কৰা এই ঘটনাই লামডিঙত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ৰে'ল নগৰী বুলি এক সুকীয়া পৰিচয় থকা লামডিঙত এজন ১৯ বছৰীয়া লম্পটে ল'ৰা শিশুটিক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হবলগীয়া হয়৷

ঘটনা সংক্ৰান্তত জানিব পৰা মতে লামডিং দূৰ্গা কলনীৰ বাসিন্দা ১৯ বছৰীয়া বিপ্লৱ দেৱনাথ নামৰ লোকজনে টিউচনৰ পৰা আহি থকা ছবছৰীয়া শিশুটিক আইচক্ৰীম দিয়াৰ প্ৰলোভনেৰে ঘৰৰ উচৰৰ জংঘললৈ লৈ যায় আৰু তাতে যৌন নিৰ্যাতন চলায়৷ আইতাকৰ লগত থকা মাতৃহাৰা শিশুটিয়ে ঘৰত আহি পেহীয়েক আৰু খুৰাকক সকলো কথা বিৱৰী কোৱাত এই জঘন্য ঘটনাটিৰ কথা ফাদিল হয়৷

লগে লগে পৰিয়ালৰ লোকে লামডিং থানাত ঘটনা সংক্ৰান্তত এটা গোচৰ তৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩৭৭ আৰু পচকো আইন ২০১২ৰ ৬ ধাৰাৰ অধীনত ১১৯/১৯ নং এক গোচৰ পঞ্জীয়ন কৰি দেওবাৰে নিশা লম্পট বিপ্লৱ দেৱনাথক গ্ৰেপ্তাৰ কৰে৷ হোজাই জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নেতৃত্বত আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত লম্পটটোক জেৰা চলায়৷

আৰক্ষীৰ জেৰাত বিপ্লৱ দেৱনাথে সমগ্ৰ ঘটনা সংঘটিত কৰাৰ স্বীকাৰোক্তি দিয়ে৷ আৰক্ষীয়ে দেওবাৰে লম্পটটোক ৰঙাঘৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে শিশুটিক চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ লামডিঙৰ স্থানীয় ৰাইজ আৰু দল সংগঠনে লম্পটটোক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে৷