অসম

লামডিঙত মাণ্ডলিক ৰে’লৱে প্ৰবন্ধকৰ কাৰ্যালয়ৰ চৌহদত এমপ্লয়িজ ইউনিয়নৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ভাৰতবৰ্ষত বৰ্তমান ৰে'ল শ্ৰমিকৰ অৱসৰকালীন সময় নিৰ্ধাৰণ কৰা হয় বয়স ৬০ বছৰ আৰু চাকৰিৰ সময়সীমা ৩৩ বছৰ। কিন্তু ৰে'ল বিভাগৰ এক নিৰ্দেশনাত বয়সৰ সীমা ৬০ বছৰৰ পৰিবৰ্তে ৫৫ বছৰলৈ হ্ৰাস কৰি সেই সীমা অতিক্ৰম কৰা তিনি লাখ শ্ৰমিকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক অৱসৰ দিয়া হ'ব বুলি উল্লেখ থকাত শংকিত হৈ পৰিছে ৰে'ল শ্ৰমিকসকল।ইতিমধ্যে প্ৰচাৰিত এই নিৰ্দেশৰ বিৰোধিতা কৰি বুধবাৰে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং শাখাৰ এমপ্লয়িজ ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত নয়ণ বৰ্মন, শান্তনু দত্ত, ৰণয় কুমাৰ দাস, দেৱাশীষ চক্ৰবৰ্তী, দেৱাশীষ মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে অভিযোগ কৰামতে ভাৰতীয় ৰে'লৱেত বৰ্তমান থকা ১৩ লাখ কৰ্মচাৰী ১০ লাখলৈ হ্ৰাস কৰাৰ উদ্দেশ্যৰেই এনে অমানবীয় কাৰ্য ৰে'ল বিভাগ তথা ভাৰত চৰকাৰে কৰিব বিচাৰিছে। তেওঁলোকৰ মতে বহিঃৰাষ্ট্ৰ তথা প্ৰতিবেশী চীনত ইয়াতকৈ অধিক ৰে'ল কৰ্মচাৰী আছে। কম শ্ৰমিকৰ জৰিয়তে অধিক পৰিশ্ৰম কৰাব বিচাৰিছে ৰে'ল বিভাগে।

প্ৰতিবাদকাৰী সকলে উল্লেখ কৰা মতে উচ্চ পৰ্যায়ৰ নিৰাপত্তা নিৰীক্ষণ সমিতিৰ মতে কৰ্তব্যৰত অৱস্থাত প্ৰতিবছৰে ৬০০ শ্ৰমিকৰ মৃত্যু হয় আৰু ৮০০ শ্ৰমিক গুৰুত্বৰ ভাবে অসুস্থ হয়। প্ৰতিবাদকাৰী সকলে প্ৰশ্ন কৰে যে যদি কৰ্মীৰ সংখ্যা বেছি তেন্তে ৰে'লৰ বহু শাখাত ব্যক্তিগত পৰ্যায়ত কৰ্মী কিয় নিযুক্তি দিয়া হৈছে। এমপ্লয়িজ ইউনিয়নৰ কৰ্মকৰ্তা সকলৰ মতে কৰ্মচাৰী সকলৰ বাবে বিভাগে যি নতুন পেঞ্চন নীতি ঘোষণা কৰিছে সেইয়া শ্ৰমিক বিৰোধী নীতি। তেওঁলোকৰ মতে যদি এজন শ্ৰমিকে ৬০ বছৰ কাম কৰিহে পেঞ্চন লাভ কৰে তেন্তে বিধায়ক, মন্ত্ৰী তথা সাংসদ সকলে ৫ বছৰ কাৰ্যকালৰ পিচতেই কিয় পেঞ্চন লাভ কৰে।

বৰ্তমান চৰকাৰৰ কাৰ্যকালত শ্ৰমিক সকলৰ ভৱিষ্যত অন্ধকাৰ হৈছে আৰু নিবনুৱা সকল বাৰে বাৰে লাঞ্চিত হৈছে। প্ৰতিবাদৰ অন্তত লামডিঙস্থিত মাণ্ডলিক প্ৰৱন্ধক(ডি আৰ এম)ৰ জৰিয়তে ৰে'ল মন্ত্ৰীলৈ এমপ্লয়িজ ইউনিয়নে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা মতে ৰে'ল শ্ৰমিক সুৰক্ষিত হ'লেহে ৰেল সুৰক্ষিত হ'ব। সেয়ে তেওঁলোকৰ দাবী মানি নললে দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং শাখাৰ বিষয়ববীয়া সকলে সকীয়াই দিয়ে।