অসম

গাত গা লগা বাবেই লামডিঙত সুৰা ব্যৱসায়ী উমাই ৰেলৰ পৰা গতিয়ালে যুৱকক

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ নামনিমুৱা মৰিয়নী স্পেচিয়েল ৰেলত আজি বৰলাংফাৰত সংঘটিত এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ নামনিমুৱা ৰেলেৰে আজি কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ যুৱক শংকু ৰাইজঙে যাত্ৰা কৰিছিল লামডিঙলৈ৷

ৰেলখন লামডিং পাবলৈ মাজত আছিল মাত্ৰ এটা ষ্টেচন৷ যুৱকগৰাকীয়ে কল্পনাও কৰিব পৰা নাছিল যে সেই সময়ত কোনোবাই তেওঁক হত্যা কৰিব পাৰে৷ ৰেলখন লামডিঙৰ আগৰ ষ্টেচনত ৰৈছিল আৰু হুৰমূৰকৈ সোমাই আহিছিল এজাক মানুহ৷

এইসকলৰ লগতে আছিল বৰলাংফাৰৰ সুৰা ব্যৱসায়ী উমা পাছোৱান৷ বৰলাংফাৰ এলেকাত তেওঁ একপ্ৰকাৰ দাদা৷ তেওঁ ৰেলত উঠাৰ সময়ত এগৰাকী জ্যেষ্ঠ লোকক ঠেলি সোমাই আহিল৷

এই কথা লক্ষ্য কৰি শংকু ৰাইজুঙে কিয় তেওঁক ঠেলি ৰেলত সোমাইছে বুলি প্ৰশ্ন কৰি তেনে ব্যৱহাৰৰ প্ৰতিবাদ কৰে৷ এই কথাত ক্ষুণ্ণ হৈ পৰে উমা পাছোৱান আৰু তেওঁকে ৰেলৰ পৰা পেলাই দিম বুলি হুমকি দিয়ে৷

ৰেলখন চলাৰ ক্ষন্তেক পিছতে উমা পাছোৱানে দৰজাৰ ওচৰত থিয় হৈ থকা ধনশিৰিৰ শংকু ৰাইজুঙক সচাঁকৈ চলন্ত ৰেলৰ পৰা গতিয়াই পেলাই দিয়ে৷ বৰলাংফাৰ ৰেলৱে ব্ৰীজৰ ওপৰতে সংঘটিত হয় এই ঘটনা৷ লগে লগে চলন্ত ৰেলৰ চকাই কাটি দুছেও কৰে শংকু ৰাইজুঙক৷

এই ঘটনা প্ৰত্যক্ষ কৰি যাত্ৰী সকলে উমা পাছোৱানক মাৰধৰ কৰি লামডিং ৰেল আৰক্ষীক চমজাই দিয়ে৷ বিয়লি শংকু ৰাইজুঙৰ মৃতদেহ লামডিং ৰেল ষ্টেচনলৈ নিয়া হয়৷ চলন্ত ৰেলত সামান্য কথাতে সংঘটিত হোৱা এই হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সকলোকে৷

সকলোৱে হত্যাকাৰী উমা পাছোৱানৰ কঠোৰ শাস্তি দাবী কৰিছে৷ সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ নুনিছাই ৰেল যাত্ৰীৰ সুৰক্ষা নিশ্চিতকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰেল কৰ্তৃপক্ষক।