অসম

কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে লামডিঙক পাঁচদিনলৈ লকডাউন ঘোষণা…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিঙঃ ৰাজ্যত অব্যাহত আছে কোৰোনাংৰ সংহাৰ৷ লামডিঙতো গন সংক্ৰমনৰ দিশে গতি কৰিছে মহামাৰী কোৰোনাই ৷ লামডিঙত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰনা আক্ৰান্ত ৰোগীৰ সংখ্যা৷

ৰেলৱে কৰ্মচাৰী, স্বাস্থ্য কৰ্মী, পৌৰ চাফাই কৰ্মীৰ লগতে প্ৰায় শতাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। কোৰোনাৰ এনে গণসংক্ৰমণ ৰোধ কৰিবৰ বাবে আগন্তুক পাঁচ দিনৰ বাবে সম্পূৰ্নভাৱে লকডাউন ঘোষণা কৰিছে লামডিঙক। হোজাই জিলা প্ৰশাসনে অহা ৮ তাৰিখৰ পৰা ১২ তাৰিখলৈকে লামডিঙক সম্পূৰ্ন ৰূপে বন্ধ ঘোষণা কৰিছে ৷