অসম

লামডিঙত গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী পালন, VIDEO

asomiyapratidin

জিডিটেল সংবাদ, লামডিংঃ শিখ সকলৰ গুৰু শ্ৰী গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে লামডিঙৰ শিখ সম্প্ৰদায়ৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচী হাতত লৈ জন্মজয়ন্তী উদযাপন কৰে। সেই উপলক্ষে লামডিং গুৰুদ্বাৰৰ পৰা প্ৰায় পাঁচ শতাধিক শিখ সম্প্ৰদায়ৰ লোকে উলিয়াই এক বৰ্ণিল শোভাযাত্ৰা।

চহৰখনৰ মাজ মজিয়াৰে সকলোৱে নগৰ কীৰ্তন কৰি সৃষ্টি কৰে এক উৎসৱ মুখৰ পৰিৱেশৰ।তদুপৰি শোভাযাত্ৰাৰ মাজতে ৰাজপথত শিখ সম্প্ৰদায়ৰ যুৱকে প্ৰদৰ্শন কৰা আশ্চৰ্যকৰ খেল উপভোগ কৰি অভিভূত হৈ পৰে সকলো।

শনিবাৰৰে পৰা লামডিঙত তিনিদিনিয়া কাৰ্যসূচীৰে ৫৫০ তম গুৰুনানকৰ জন্ম জয়ন্তী উদযাপন কৰিব৷ লামডিঙত উলিওৱা শনিবাৰৰ এই নগৰ কীৰ্ত্তনত ডিফু, লংকা, হোজাই, চাপৰমুখ আদিকে ধৰি অসমৰ বিভিন্ন স্থানৰ ৰাইজে যোগদান কৰে৷