অসম

ভোটগ্ৰহণৰ পূৰ্বে লংকাত গুলিচালনা, দুৰ্বৃত্তই গুলিয়ালে নৱম শ্ৰেণীৰ ছাত্ৰক

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ভোটগ্ৰহণৰ আগৰ সন্ধিয়া বুধবাৰে লংকাৰ নখুটিত সংঘটিত হৈছে এক গুলিচালনাৰ ঘটনা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ নখুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ছাৰ্থেগাঁৱত বুধবাৰে গৰু চৰাবলৈ অৰণ্যলৈ বুলি যোৱা কলিম উদ্দিন নামৰ এজন নৱমমান শ্ৰেণীৰ ছাত্ৰক ৪-৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে বন্দুকেৰে বুকুত গুলীয়াই আহত কৰে। পৰৱৰ্তী সময়ত আহত কিশোৰজনে সেই স্থানৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হয়।

পাছত পৰিয়ালৰ লোকে আহত কিশোৰজনক ততাতৈয়াকৈ লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসালয় কতৃপক্ষই কিশোৰজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। কিশোৰজনে দুৰ্বৃত্তৰ দলৰ একাংশক ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। পাৰিবাৰিক কন্দলৰ পুতক তুলিবলৈ এই ঘটনা সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।