অসম

লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত এতিয়া সাধাৰণ ৰাইজক জ্বলাকলা খোৱাইছে বিদ্যুৎ বিভাগে৷ ২৪ঘন্টাই বিদ্যুৎ যোগান ধৰিব বুলি কোৱা বিজেপি চৰকাৰখনে এতিয়া ২৪ ঘন্টাৰ সলনি দৈনিক যোগান ধৰিছে মাত্ৰ ৪ পৰা ৫ ঘন্টা বিদ্যুৎ৷ ৰে'ল নগৰী লামডিঙত বিগত দিন ধৰি বিদ্যুৎ বিভাগৰ অনিয়মীয়া যোগানক লৈ অতিষ্ঠ হৈ আছে ৰাইজ।

বিদ্যুৎ বিভাগৰ কাম কাজক লৈ ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী। ৰাইজৰ ৰোষৰ পৰা হাত সাৰিবলৈ প্ৰথমেই মন্ত্ৰী তপন গগৈয়ে ৰাজ্যত ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিব পৰা নহ'ব বুলি অসহায় স্বীকাৰোক্তি দি নিজৰ দায়িত্ব সামৰিলে। আনফালে আকৌ লামডিঙ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীয়ে বিদ্যুৎ যোগান ধৰিব নোৱাৰা সম্পৰ্কত উৰ্ধতম কৰ্তৃপক্ষকহে দোষাৰোপ কৰিছে।

এফালে গৰমে আৰু আনফালে বিদ্যুতৰ অনিয়মীয়া যোগানত অতিষ্ঠ লামডিঙৰ ৰাইজ বুধবাৰে জাঙুৰ খাই উঠে৷ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে লামডিঙৰ ৰাইজে বুধবাৰে লামডিং বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিভিন্ন শ্লোগানেৰে ৰাইজে কাৰ্যালয়ৰ সন্মুখতেই প্ৰতিবাদ সাব্যস্ত কৰে৷ কিন্তু ধোৱা চাঙত উঠা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীযে কৰ্তৃপক্ষক আৰু কৰ্তৃপক্ষই আকৌ মন্ত্ৰীক দোষাৰূপ কৰিয়ে নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে৷