অসম

আচৰিত! এইখন অসমতে এমাহত বিদ্যুতৰ মাচুল ১.৩০ লাখ টকা…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিঙঃ এহাতেদি বিদ্যুতৰ অনিয়মীয়া যোগান আৰু অন্যহাতেদি উচ্চ হাৰত বিদ্যুতৰ মাচুল। যাৰ ফলত হাহাকাৰ লাগিছে সৰ্বসাধাৰণ ৰাইজৰ। ৰে'ল নগৰী লামডিঙত বিদ্যুতৰ অনিয়মীয়া যোগানে ৰাইজক জ্বলাকলা খুওৱাৰ সমান্তৰালভাবে বিভাগটোৱে একাংশ গ্ৰাহকলৈ প্ৰেৰণ কৰিছে উচ্চ হাৰৰ বিদ্যুতৰ মাচুলৰ বাৰ্তা।

লামডিঙৰ বিদ্যুৎ বিভাগে গীতা ধৰ নামৰ মহিলাগৰাকীলৈ বিদ্যুতৰ বিল পৰিশোধৰ বাবে প্ৰেৰণ কৰা মেচেজ দেখিলে চকু কপালত উঠিব। মোবাইলৰ জৰিয়তে বিভাগটোৱে মহিলাগৰাকীক ১ লাখ ৩০ হাজাৰ টকা পৰিশোধ কৰিবৰ বাবে মেচেজ দিয়ে। বিদ্যুৎ বিভাগে প্ৰেৰণ কৰা সেই মেচেজ দেখি বিমোৰত পৰিছে পৰিয়ালটো৷ তদুপৰি লামডিঙৰ গ্ৰামাঞ্চলৰ এটা বা দুটা লাইট জ্বলা লোক সকলেও ভৰিব লগা হৈছে তিনি চাৰি হাজাৰকৈ বিদ্যুতৰ মাচুল।

এই বিষয়ে বিদ্যুৎ বিভাগৰ বিষয়া অৰূপ কুমাৰ বৰাই জানিবলৈ দিয়ে যে, এই গাফিলতিৰ ক্ষেত্ৰত লামডিঙ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰী জড়িত আছে৷ গ্ৰাহকৰ ঘৰত বিদ্যুতৰ মিটাৰ বাকচৰ ৰিডিং নিৰিক্ষন কৰোতে গ্ৰাহকৰ সৈতে বুজা বুজি হৈ মিটাৰৰ ৰিডিং কমকৈ আনে যাৰ ফলত পৰৱৰ্তী সময়ত মিটাৰ বাকচৰ ক্ৰছ ৰিডিং পৰিক্ষণ কৰিলে এনে ধৰনৰ মাচুলৰ বিল গ্ৰাহকলৈ পঠিওৱা হয়৷ উপ মণ্ডল বিষয়াজনে ইতিমধ্যে তদন্ত কৰি কেইবাজনো কৰ্মচাকৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। বৰ্তমান বিভাগৰ কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।