lumding drugs
lumding drugs 
অসম

লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত...

Asomiya Pratidin

ডিজিটেল ডেস্ক, লামডিং : লামডিং আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ আৰু ড্ৰাগছ।

নিশা লামডিং আৰক্ষীয়ে অভিযান চলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS01A H0757 এখন চাৰি চকীয়া বাহনত আৰু উদালিৰ ন্যান্টু দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৭৫ বটল কফ চিৰাপ আৰু প্ৰায় ১৮ গ্ৰাম হেৰ'ইন জব্দ কৰে।

লগতে আৰক্ষীয়ে ন্যান্টু দাসকো আটক কৰে। উল্লেখ্য যে জব্দকৃত সামগ্রীখিনিৰ বজাৰ মূল্য দুই লাখ টকাৰ অধিক হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।