অসম

লামডিঙত ড্ৰাগছৰ বিৰুদ্ধে অভিযানঃ ব্ৰাউন চুগাৰ সহ কুখ্যাত ড্ৰাগছ মাফিয়া বগা বাবুক আটক…

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যৰ চৌপাশে বিয়পিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ তাৰ লগতে এতিয়া সস্তম হৈ পৰিছে অসম আৰক্ষীও ৷ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অসম আৰক্ষীক কঠোৰ হোৱা নিৰ্দেশ দিয়াৰ পাছতে এতিয়া আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷ হোজাই জিলাৰ আৰক্ষী অধীক্ষৰ নিৰ্দেশত লামডিঙতো বুধবাৰে নিশা চলিলে ড্ৰাগছ বিৰোধী অভিযান ৷ লামডিঙৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী অৱশেষত লামডিং আৰক্ষীৰ জালত পৰিল ৷

লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শক নিলোৎপল ভূঞাই নিশা লামডিঙত অভিযান চলাই তিনিজন ড্ৰাগছ মাফিয়াক ব্ৰাউন চুগাৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা তিনিজনৰ নাম ক্ৰমে- নৱৰাজ চক্ৰৱৰ্তী, সঞ্জীৱ দে, বাবুল দে ওৰফে বগা বাবু ৷ উল্লেখ্য যে, বিগত বহু বছৰ ধৰি লামডিং তথা লামডিঙৰ আশে পাশে থকা বিভিন্ন অঞ্চল সমূহত বাবুল দে' ওৰফে বগা বাবুয়ে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷

তাৰোপৰি লামডিং ৰে'লৱে ডিভিচনৰ অন্তৰ্গত মান্দাদিচাত ৰে'লৱে বিভাগৰ চতুৰ্থ বৰ্গত কৰ্মৰত এই বগা বাবু ৷ চাকৰিৰ সুযোগ লৈয়ে বহু যুৱকৰ জীৱন ধ্বংস কৰি লামডিঙত ত্ৰাস সৃষ্টি কৰি আহিছিল বগা বাবুয়ে ৷ আৰক্ষীয়ে অভিযানত আটক হোৱা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৫.৮৫ গ্ৰাম ব্ৰাউন চুগাৰৰ সাতটা কন্টেইনাৰ উদ্ধাৰ কৰে৷