lumding college election
lumding college election 
অসম

লামডিং মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত এ.বি.ভি.পিৰ বৃহৎ জয়...

Asomiya Pratidin

ডিজিটল সংবাদ, লামডিং : লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীৰ জয় লাভ ৷ বিগত প্ৰায় এটা দশক ধৰি লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দখল কৰি আহিছে ৷

২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাত বিনা প্ৰতিদ্বন্দিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰিছে ৷ সভাপতি পদত ধীৰাজ কুমাৰ সিং, সম্পাদক পদত অংকিত কুমাৰ সিং, সাংস্কৃতিক আৰু সমাজিক বিভাগত সম্পাদক হিচাপে অজিত চৌহান, শিক্ষাৰ্থী কল্যাণ বিভাগত পংকজ ছেত্ৰীয়ে জয়লাভ কৰে ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে লামডিং মহাবিদ্যালয়ৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিজয়ী প্ৰাৰ্থীৰ সৈতে শিক্ষাৰ্থী সকলে লামডিঙত এক বিশাল বিজয়ী সমদল উলিয়াই আনন্দ উল্লাস কৰা দেখা যায় ৷