অসম

লামডিঙৰ ৩০নং ভোটকেন্দ্ৰত বিদ্যুতৰ অবিহনেই মম জ্বলাই ভোটগ্ৰহণ ৰাইজৰ

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ বৃহস্পতিবাৰে ১০নং নগাঁও লোকসভা সমষ্টিৰ অধীনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা দেখা গ'ল ভোটাৰৰ দীঘলীয়া শাৰী৷ নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত লামডিং সমষ্টিত ভোটদান শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়৷ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তেই সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানৰ ভোটকেন্দ্ৰত ই ভি এম মেচিনৰ বিসংগতিয়ে দেখা দিয়ে।

১০ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৮২ নং লামডিং বিধানসভা সমষ্টিৰ ১৮৩ আৰু ১৮৪ নং ভোটকেন্দ্ৰ দুটাত ই ভি এম মেচিন বিকল হৈ পৰাত ভোটাৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাস্থলীত হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু লংকা চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ফলত আঢ়ৈ ঘন্টা পলমকৈ ৯.৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয়৷

আনফালে লামডিং সমষ্টিৰ ২নং ভোটকেন্দ্ৰ শংকৰদেৱ হিন্দী স্কুল, ৩নং ভোট কেন্দ্ৰ দক্ষিন লামডিং স্কুল, লংকা কাকী নিজৰাপাৰ ২১০ নং কেন্দ্ৰ আৰু লামডিং প্ৰনৱ বিদ্যাপিঠ হাইস্কুলৰ ২০ নং কেন্দ্ৰত ই ভি এম মেচিন বিকল হোৱাৰ ফলত বহু পলমকৈ ভোটগ্ৰহণ হয় যদিও পৰৱৰ্তী সময়ত সকলো স্থানতে ভোটগ্ৰহণ সুকলমে পাৰ হৈ যায়৷

ভোটগ্ৰহণৰ শেষৰফালে লামডিং ৩০ নং ভোট কেন্দ্ৰত বিদ্যুতৰ বিজুতি হোৱাৰ বাবে বিদ্যুৎ অবিহনেই মম জ্বলাই ভোটগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হয়৷ নগাওঁ সমষ্টিৰ অন্তৰ্গত লামডিং বিধানসভা সমষ্টিত সন্ধিয়া ৫বজালৈ ৭৮.৮০ শতাংশ ভোটাৰে ভোটধিকাৰ সাব্যস্ত কৰে। কিন্তু পূৰ্বতকৈ  এইবাৰ ভোটাৰৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।