অসম

বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক…

asomiyapratidin

ডিজিটেল সংবাদ বাক্সা: এজন বিশেষ ব্যক্তি ৷ পেচাত এগৰাকী ফাৰ্মাচিষ্ট ৷ ঔষধ বিক্ৰী কৰিয়ে চলাই সংসাৰ ৷ পিচে এইগৰাকী ব্যক্তিয়ে নিজৰ পুথিভঁৰালত সংৰক্ষণ কৰা প্ৰায় দুই সহস্ৰাধিক মূল্যবান গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক ( বড়ো সাহিত্য সভাক) ৷ এই ব্যক্তিজনৰ নাম লোহিত মোছাহাৰী ৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত দলবাৰী গাঁৱৰ বাসিন্দা লোহিত মোছাহাৰীৰ আছিল কিতাপৰ প্ৰতি এক অদ্ভূত নিচা ৷

বিশেষকৈ নিজৰ পিচ পৰা গাঁওখনৰ ল'ৰা -ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি নিজৰ ঘৰতে ১৯৯১ চনতে স্থাপন কৰিছিল এটি পুঁথিভৰাল ৷ নাম দিছিল শান্তি পুঁথিভৰাল ৷ পত্নী ললিতা দেউৰী মোছাহাৰীৰ ইচ্ছা অনুসৰি ২০০৭ চনত আনুষ্ঠানিকভাৱে পঢ়ুৱৈৰ বাবে মুকলি কৰি দিছিল পুথিভঁৰালটো ৷ গাঁওখনৰ উঠি অহা প্ৰজন্মটোক মোছাহাৰীয়ে ব্যৱস্থা কৰি দিছিল অধ্যয়নৰ ৷

অসমীয়া, বড়ো, হিন্দী, ইংৰাজী, নেপালীকে ধৰি বিভিন্ন ভাষাৰ গ্ৰন্থ আৰু আলোচনীৰে ভৰি আছে লোহিত মোছাহাৰীৰ পুঁথিভৰালত। ৰাজ্যখনৰ খ্যাতনামা লেখকসকলৰ প্ৰায় দুই সহস্ৰাধিক গ্ৰন্থ সংৰক্ষণ কৰি ৰাখিছিল এইগৰাকী ব্যক্তিয়ে ৷ বহু অধুনালুপ্ত অসমীয়া আৰু বড়ো ভাষাৰ আলোচনীও সংৰক্ষণ কৰি থৈছিল মোছাহাৰীয়ে ৷ পিচে সময়ৰ গতিত লোহিত মোছাহাৰীয়ে পুথিভঁৰালৰ সকলো কিতাপ দান দিয়ে বড়ো থুনলাই আফাদক ৷

নিজৰ স্বৰ্গগামী পত্নীৰ আশাক বাস্তবায়িত কৰি স্থাপন কৰা পুথিভৰাঁলৰ সকলো কিতাপ বৰিমাখা গুদি বড়়ো থুনলাই আফাদক দান কৰে মোছাহাৰীয়ে ৷ অধ্যয়ন পিপাসু লোহিত মোছাহাৰীৰ আশা বড়ো থুনলাই আফাদে সৃষ্টি কৰিব কিতাপ পঢ়াৰ এক নৱ জাগৰণৰ৷