অসম

বীৰ ছহীদ নিৰোদ শৰ্মাৰ ঘৰত নলবাৰীৰ এল আই চিৰ তৰফৰ পৰা বীমাৰ চেক প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ যোৱা ১২জুনত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহীদ হোৱা নলবাৰী জিলাৰ বৰমাৰ দহকাউনীয়াৰ শ্বহীদ নিৰোদ শৰ্মাৰ গৃহত শনিবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ নলবাৰী শাখাৰ তৰফৰ পৰা এটা সজাতি দল উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোৰ খবৰ লয় আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মৃত নিৰোদ শৰ্মাই বীমা নিগমৰ নলবাৰী শাখাত তিনিটা পলিচি খুলিছিল। উক্ত প্ৰাপ্য ধন খিনি অতি সোনকালে শাখাটোৰ পৰিচালক সঞ্জয় দাসে মুকলি কৰি দিয়ে। আৰু এই প্ৰাপ্য ধন খিনি শাখা পৰিচালক জনৰ নেতৃত্বত যোৱা এটা এল আই চি পৰিয়ালৰ দলে শ্বহীদ গৰাকীৰ পত্নীৰ হাতত অৰ্পণ কৰে। উক্ত ধনৰাশিৰ ভিতৰত তিনিখন চেকত মুঠ ৪ লাখ ১২হাজাৰ৭৪১ টকা প্ৰদান কৰা হয়।