অসম

কি হৈছিল কোকৰাঝাৰত, ২৫ ছেপ্তেম্বৰৰ ভিতৰত নামনি অসমৰ আয়ুক্তই জমা দিব লাগিব প্ৰতিবেদন…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত সংঘটিত এ চি এছ বিষয়াক জিলাখনৰ আৰক্ষী অধীক্ষকে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত নামনি অসমৰ আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এখন হোটেলত অনুষ্ঠিত পাৰ্টিৰ মাজতে জিলাখনত কৰ্মৰত এগৰাকী নৱ নিযুক্ত এ চি এছ বিষয়াক আৰক্ষী অধীক্ষক ৰাজেন সিঙে হোটেলখনৰ বাহিৰলৈ উলিয়াই আনি প্ৰহাৰ কৰা দৃশ্য সংবাদমাধ্যমত আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তাৰ পাছতে অসম চৰকাৰৰ পলিটিকেল (এ) বিভাগৰ এগৰাকী উপ সচিবে স্বাক্ষৰ কৰা এই তদন্তৰ নিৰ্দেশ নামনি অসমৰ আয়ুক্তলৈ প্ৰেৰণ কৰা হ'ল। এই নিৰ্দেশত কি পৰিস্থিতিত আৰক্ষী অধীক্ষকগৰাকীয়ে জিলাখনত কৰ্মৰত এগৰাকী এ চি এছ বিষয়াক প্ৰহাৰ কৰিলে সেই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন দিবলৈ কোৱা হৈছে। তদন্তৰ অন্তত ২৫ ছেপ্তেম্বৰৰ ভিতৰত এই প্ৰতিবেদন জমা দিব লাগিব।

ইফালে এ চি এছ বিষয়াগৰাকীক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে চি আই ডিত এক অভিযোগ দাখিল কৰিছে দুলাল বৰাই। এই এজাহাৰত ভিডিঅ'টোত দেখাৰ দৰে দণ্ডাধীশগৰাকীক আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰহাৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।