অসম

কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাংসদৰ দৰমহা ৩০ শতাংশ কৰ্তনৰ বিধেয়ক লোকসভাত গৃহীত….

asomiyapratidin

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছ বাবে দেশত হোৱা অৰ্থনৈতিক সংকটৰ বাবে এবছৰৰ বাবে সাংসদ সকলৰ দৰমহা,ভাত্তা আৰু পেণ্সনৰ ৩০ শতাঁংশ কৰ্তন কৰা হব । কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা এই বিধেয়ক খন মঙলবাৰে এই গৃহীত হয় লোকসভাত ।এই বিধেয়ক খন ৰাজ্য সভাত গৃহীত হোৱা নাই। ৰাজ্যসভাত এই বিধেয়ক খন গৃহীত হ'লে দৰমহা কৰ্তনৰ এই প্ৰস্তাব কাৰ্যক্ষম হব ।

এই প্ৰস্তাৱ অনুসৰি সাংসদ সকলৰ দৰমহা ১ লাখৰ পৰা ৭০ হাজাৰ টকালৈ হ্ৰাস পোৱাৰ লগতে কাৰ্যালয় ভাট্টাৰ নামত লাভ কৰা ৬০ হেজাৰ টকাৰো ৩০ শতাংশ কৰ্তন কৰা হব । এবছৰৰ বাবে সাংসদ সকলৰ দৰমহা,ভাত্তা আৰু পেঞ্চন ৩০ শতাংশ কৰ্তন কৰি কোৰোনাৰ বিৰুদ্ধে ব্যবহাৰৰ প্ৰস্তাব দিছিল কেন্দ্ৰীয় চৰকাৰে ।