অসম

অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ পাছত আন এক বিপদ আহি আছে ভাৰতলৈ। ইতিমধ্যে পূব আফ্ৰিকাত ধ্বংসলীলা চলাই ভাৰতত উপস্থিত হোৱা কাকতি ফৰিঙৰ সন্ত্ৰাসত ত্ৰাহিমধুসূধন দেখিছে ভাৰতীয় কৃষকে। গুজৰাট , ৰাজস্থান, দিল্লী, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আদি কিছু ৰাজ্যত জাকে জাকে কাকতি ফৰিঙে খেতি-পথাৰ ছানি ধৰিছেহি।

এই কাকতি ফৰিঙৰ অগ্ৰাসন যদি সমগ্ৰ ভাৰততে হ'বলৈ হয় তেনেহ'লে সেয়া হ'ব আন এক মুক্ষম আঘাত দেশৰ বাবে। কিয়নো কাকতি ফৰিঙে মুহূৰ্তৰ ভিতৰতে খেতি-পথাৰ ধ্বংস কৰি পেলাব পাৰে। চীনতো এই কাকতি ফৰিঙৰ উপদ্ৰৱে দেশখনৰ কৃষি অৰ্থনীতিক দুৰ্বল কৰি পেলাইছে।

ৰাষ্ট্ৰ সংঘই ইতিমধ্যে সতৰ্ক কৰি দিছে যে, পূব আফ্ৰিকাৰ পৰা ভাৰতমুখী হোৱা কাকতি ফৰিঙে দুৰ্বিক্ষ সদৃশ পৰিৱেশ সৃষ্টি কৰিব। মন কৰিব লগা যে, এই কাকতি ফৰিংবোৰৰ বংশবৃদ্ধি অতি বেছি। এই বৰষুণৰ বতৰত কাকতি ফৰিঙৰ সৰ্বাধিক বংশবৃদ্ধি হয়।

সাধাৰণ বংশবৃদ্ধিৰ তুলনাত মৌচুমী আগমনৰ সময়ত দুগুণৰো অধিক বংশবৃদ্ধি কৰা কাকতি ফৰিঙে পূব আফ্ৰিকাৰ, ইথুপিয়া, ছাউথ চৌদান, কেনিয়া আদি দেশত ভয়ংকৰ উপদ্ৰৱ চলাইছে। তাৰপৰা ভাৰতলৈ আহি পোৱা কাকতি ফৰিঙে পঞ্জাৱ, হাৰিয়ানাৰ দৰে কৃষি প্রধান ৰাজ্যত প্ৰৱেশ কৰিলে সেই ৰাজ্যসমূহৰ খেতি-পথাৰ উদং হৈ পৰিব।

দিল্লীত কাকতি ফৰিঙৰ সন্ত্ৰাস…

অতি বিনাশকাৰী কীট হিচাপে পৰিচিত কাকতি ফৰিঙে জাক পাতি শস্য পথাৰত উপদ্ৰৱ চলায়। সাধাৰণ কীটনাশকে দেহৰ গঠনৰ বাবে কাকতি ফৰিঙক মাৰিব নোৱাৰে। সেয়েহে চীনত কাকতি ফৰিঙৰ এই ভয়াৱহ আক্ৰমণৰ সময়ত দেশখনে শস্য-পথাৰত ৰাজহাঁহ মেলি কাকতি ফৰিং নিয়ন্ত্ৰণ কৰিছিল।

আহোম ৰাজত্ব কালত এনেদৰে জাকে জাকে কাকতি ফৰিং উৰি আহি শস্য পথাৰত আক্ৰমণ কৰাৰ উদাহৰণ আছে। তাৰপাছত এইদৰে বৃহৎ হাৰত কাকতি ফৰিং আক্ৰমণ কৰাত উপস্থিতি দেখা পোৱা হোৱা নাছিল।

ৰাজস্থানত মানুহৰ ঘৰে ঘৰে কাকতি ফৰিঙৰ উপদ্ৰৱ চলিছে। ৰাজ্যখনৰ কৃষি বিভাগে এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰাৰ লগতে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে ব্যৱস্থা গ্ৰহণৰ বাবেও পদক্ষেপ লৈছে। কিন্তু সেই পদক্ষেপ কিমান কাৰ্যকৰী হয় সেয়া সময়তহে গম পোৱা যাব।

কেন্দ্ৰীয় চৰকাৰে কাকতি ফৰিঙৰ সন্দৰ্ভত সতৰ্কতা জাৰি কৰাৰ লগতে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে ৫খন ৰাজ্যত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। কাকতি ফৰিংসমূহ মাৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰে গাড়ীৰে ছটিওৱা হৈছে কীটনাশকো।

ৰাজস্থান, পঞ্জাৱ , গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত কাকতি ফৰিঙে ইতিমধ্যে উপদ্ৰৱ আৰম্ভ কৰিছে। ৰাজস্থানৰ যোধপুৰ, নাগু, গংগানগৰ, হনুমাননগৰ, জয়পুৰ জিলাত কাকতি ফৰিঙৰ ব্যাপক হাৰত উপস্থিতি দেখা পোৱা গৈছে।

মহাৰাষ্ট্ৰৰ কৃষি বিভাগে কৃষকসকলক সকলো ধৰণৰ সহায়ৰ বাবে প্ৰস্তুত বুলি ঘোষণা কৰিছে। মন কৰিব লগা যে, এই কাকতি ফৰিংবোৰে এঠাইত খেতি পথাৰ খাই নষ্ট কৰি, আন এঠাইলৈ উৰা মাৰে। দিনটোত ১০০ কিলোমিটাৰ পৰ্যন্ত দূৰ অতিক্ৰম কৰিব পাৰে কাকতি ফৰিঙে।

মহাৰাষ্ট্ৰৰ মুঠ ১১জিলাত কাকতি ফৰিঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সেয়েহে আগতীয়াকৈ কীটনাশক প্ৰয়োগৰ কথা কোৱা হৈছে কৃষকসকলক। দিল্লী চৰকাৰে নাৰ্ছাৰীসমূহক পলিথিনেৰে ঢাকি দিয়াৰ পৰামৰ্শ দিছে।

উত্তৰপ্ৰদেশত যোৱা সপ্তাহৰ পৰা কাকতি ফৰিঙৰ উপস্থিতি ধৰা পৰা বুলি কৃষি বিভাগৰ তথ্যত প্ৰকাশ। নিশা ভাগত কীটনাশক প্ৰয়োগ কৰি বহু সংখ্যক কাকতি ফৰিঙো মৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ কৃষি বিভাগে।

মধ্যপ্ৰদেশ চৰকাৰেও অনুৰূপ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ বিদাৰ্ভা অঞ্চলত কাকতি ফৰিঙে যথেষ্ট শস্য নষ্ট কৰাৰ তথ্য পোৱা গৈছে। ৰাজস্থানত ২০খন জিলাত মুঠ ৯০ হাজাৰ হেক্টৰ মাটিত কাকতি ফৰিঙে উপদ্ৰৱ চলাইছে। কেৱল গান্ধীনগৰ জিলাতেই ৪হাজাৰ হেক্টৰ মাটিত শস্য নষ্ট কৰিছে কাকতি ফৰিঙে।