অসম

সুৰাপায়ীক ভেটিবলৈ অসম সীমান্ত বৰ্ণিহাট, যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন!…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত ১৪দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছতে সোমবাৰৰে পৰা মেঘালয় চৰকাৰেও গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।গুৱাহাটীৰ সীমান্তৱৰ্তী মেঘালয়ৰ বৰ্ণিহাট, যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন ঘোষণ কৰিছে চৰকাৰে।

গুৱাহাটীত কোৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দুই ৰাজ্যৰ মাজত যান-বাহনৰ চলাচলৰ লগতে অত্যাৱশকীয়া সেৱাৰ বাদে সকলো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয় চৰকাৰে।

উল্লেখ্য যে, পূৰ্বে লকডাউন চলি থকাৰ সময়ত গুৱহাটীৰ বহুলোকে বিভিন্ন অজুহাত দেখুৱাই মেঘালয়ৰ অন্তৰ্গত খানাপাৰাৰ পৰা সুৰাৰ বটল ক্ৰয় কৰাৰ অভিযোগো আছে। সেয়েহে শেহতীয়াকৈ মেঘালয়ৰ এই সিদ্ধান্তৰ পাছতে সুৰাপায়ী সকলৰ সেই বাটো ৰুদ্ধ হ'ল বুলি একাংশই মন্তব্য কৰিছে।