অসম

লকডাউনঃ কৃষ্ণাইত গাওঁবাসীৰ অভিনৱ পন্থা

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গুৰীয়া কাছাৰীপাৰা গাৱঁৰ ৰাইজে লকডাউনৰ দ্বিতীয় দিনা হাতত লৈছে এক অভিনৱ পন্থা। ঘৰৰ ভিতৰতে আবদ্ধ হৈ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া সংকল্প লৈছে গাঁওবাসীয়ে৷

ইফিলে গাওঁখনৰ মাজেৰে অসম-মেঘালয় সীমান্তৰ মানিকগঞ্জলৈ যোৱা পথটোত বৃহস্পতিবাৰে ৰাইজে বাহ বান্ধি অচিনাকি ব্যক্তি সোমোৱা নিষিদ্ধ কৰিছে৷ লগতে আশে-পাশে থকা গাওঁ সমূহতো পৰিষ্কাৰ-পৰিচন্নতা অক্ষুণ্ণ ৰাখি এই সু-ব্যৱস্থা গঢ়ি তোলা আহ্বান জনাইছে গাওঁবাসীয়ে।