অসম

লকডাউনঃ চৰাইদেউ জিলাত দোকানী আৰু গ্ৰাহকলৈ নিৰ্দেশনা জাৰি…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত সমগ্ৰ দেশত ২১ দিন লকডাউন ঘোষণা কৰা হৈছে। এই সময়চোৱাত চৰাইদেউ জিলাৰ সকলো পাইকাৰী গেলামালৰ দোকানীয়ে পুৱা ৮ বজাৰ পৰা আবেলি ১ বজালৈকে আৰু খুচুৰা গেলামালৰ দোকানবোৰ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰাৰ কাৰণে খোলা হ'ব বুলি জানিবলৈ দিছে৷

এই ক্ষেত্ৰত দোকানীসকলে লগতে গ্ৰাহকসকলে জিলা প্ৰশাসনৰ কিছুমান আদেশ মানি চলিব লাগিব বুলি উল্লেখ কৰিছে৷ একে সময়তে ৫ জনতকৈ অধিক লোক গেলামালৰ দোকানত গোট খাব নোৱাৰিব, দোকানীৰ লগত আৰু গ্ৰাহকসকলে নিজৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব, হাত ধোৱাৰ বাবে দোকানীসকলে দোকানৰ সন্মুখত চাবোন আৰু পানীৰ ব্যৱস্থা কৰি দিব লাগিব, দোকানীজনে দোকানখন চাফ চিকুনকৈ ৰাখিব লাগিব প্ৰকাশ কৰা হৈছে৷ এই আদেশ অমান্য কৰা সকলৰ বিৰুদ্ধে ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷