অসম

লায়ন্স ক্লাৱৰ বান সাহাৰ্য বিতৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নগাঁও লায়ন্স ক্লাৱৰ বান সাহাৰ্য বিতৰণ। শনিবাৰে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কলাইখোৱা গাঁৱত প্ৰায় ৩৬০ পেকেট খাদ্য সামগ্ৰী বিতৰণ কৰে নগাঁও লায়ন্স ক্লাৱে।

মহামাৰী কোৰোনা ভাইৰাছৰ বাবে সম্পূৰ্ণ সামাজিক ব্যৱধান মানি চলি খাদ্য সামগ্ৰী বিতৰণ কৰে সংস্থাটোৱে।

দৰিদ্ৰলোকসকলক খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও লায়ন্স ক্লাৱৰ সভাপতি প্ৰলয় চাহা, সম্পাদক অজয় মিট্টালৰ লগতে ভালেকেইজন লায়ন্স ক্লাৱৰ সদস্য।