অসম

কোৰোনাৰ প্ৰভাৱঃ এটা কাজি নেমুৰ দাম হৈছেগৈ ১৫ টকা

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউনৰ বাবে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য। বন্ধৰ অচিলা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে পাচলিৰ মূল্য। লকডাউনৰ এই সময়চোৱাত এটা এটা কাজি নেমুৰ মূল্য বৃদ্ধি পাইছে ১৫ টকালৈ। সেই নেমুও পাবলৈ নাই বজাৰত।

যদিও কৃ্ষি বিভাগ বা যোগান বিভাগে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী মজুত আছে বুলি কৈছে তেনে সময়তে পাচলিৰ নাটনিয়ে চৰকাৰৰ ফোপোলা স্বৰূপটোকে আঙুলিয়াই দিছে। বিভিন্ন প্ৰান্তত পাচলিৰ উৎপাদন হৈছে যদিও পৰিৱহন আমদানিত দেখা দিয়া অসুবিধাৰ বাবে এটা নেমুৰ মূল্য ১৫ টকা পৰ্যন্ত হৈছেগৈ।

ইফালে চৰকাৰে নেমুৰ মূল্য পাইকাৰী দৰত ৪ টকা আৰু খুচুৰা দৰত ৬ টকা বান্ধি দিছে যদিও কোনো স্থানতে এই মূল্যত গ্ৰাহকে নেমু ক্ৰয় কৰিবলৈ পোৱা নাই।