অসম

লেখাপানী আঞ্চলিক বন বিভাগৰ অভিযান, চোৰাং কাঠৰ কুণ্ডাসহ এজনক আটক…

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ লেখাপানী আঞ্চলিক বন বিভাগৰ পুনৰ এক বৃহৎ সাফল্য। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত লেখাপানী বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান। অভিযান কালত অবৈধ ভাৱে চোৰাং কাঠৰ কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজন হাতীৰ মাউতক আটক কৰা হয়। হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে। মাউতজনে জানিবলৈ দিয়া অনুসৰি হাতী জনী অৰুণাচলৰ মানমৌ বুলি সন্দেহ কৰা হৈছে। হাতীজনীৰ গৰাকী কোন বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও বন বিভাগে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।